
তেজপুৰঃ অসম সাহিত্য সভাৰ উত্তৰ পশ্চিম তেজপুৰ শাখাৰ চতুথ দ্বি-বাৰ্ষিক অধিবেশন দেওবাৰে কুণ্ডাৰবাৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। পুৱাই উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ সভাপতি অৰুন বৰাই পতাকা উত্তোলন আৰু ৰাজ্যিক সদস্য নৃপেন কুমাৰ দাসে স্মৃতি তৰ্পণ কৰে৷
তাৰ পিছতে অৰুণ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত তেজপুৰ জিলা সাহিত্য সভাৰ সভাপতি স্বাধীনতা মহন্ত আৰু জিলা সম্পাদক বিপুল কুমাৰ নাথ, বিশিষ্ট সাহিত্যিক ৰাম চন্দ্ৰ চুতিয়া, শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক নিতুল বৰা উপস্থিত থাকে। উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাই ২০১০ চনৰ পৰা বিশিষ্ট লোকৰ সোঁৱৰণত বিভিন্ন বঁটা প্ৰদান কৰি আহিছে আৰু দেওবাৰেও অধিবেশনত বঁটা প্ৰদান কৰে।
সেউজ গণশিল্পী উমাকান্ত বৰুৱা স্মাৰক বঁটা সাংবাদিক পুলক কুমাৰ ডেকাক, নাট্যসম্ৰাট প্ৰফুল্ল বৰা স্মাৰক বঁটা নাট্যকাৰ পৰিচালক অৰ্পন বেজবৰুৱাক, দিলীপ চৌধুৰী স্মাৰক বঁটা দ্বিপেন বৰাক, সদ্য প্ৰয়াত শিল্পী পেঞ্চনাৰ প্ৰফুল্ল শইকীয়া স্মাৰক বঁটা বিশিষ্ট শিল্পী প্ৰমোদ বৰাক প্ৰদান কৰে৷
আনহাতে, শাখা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি প্ৰভাত চন্দ্ৰ বৰুৱা স্মাৰক বঁটা সমাজ কৰ্মী অৰুণ বৰাক, বায়ন মহেন্দ্ৰ কলিতা স্মাৰক বঁটা তেজপুৰৰ ইউ বি ফটো সাংবাদিক সমীৰ কৰক, কবি যাদৱ শৰ্মা স্মাৰক বঁটা দৰং মহাবিদ্যালয়ৰ উপাধ্যক্ষ গহন চন্দ্ৰ মহন্তক, অলক কটকী স্মাৰক বঁটা সাংবাদিক সঞ্জীৱ হাজৰিকাক, শিল্পী গজেন দাস স্মাৰক বঁটা ডম্বৰু মহন্তক, মিনতি কলিতা স্মাৰক বঁটা ধনপ্ৰভা ৰায় চৌধুৰীক, সমাজকৰ্মী ৰূপজ্যোতি কলিতা স্মাৰক বঁটা প্ৰণৱ শইকীয়াক, শিল্পী কল্পনা বৰুৱা স্মাৰক বঁটা নৃত্যশিল্পী নিকিতা পটঙ্গীয়াক আৰু লাকী কলিতা স্মাৰক বঁটা অনুভৱ পৰাশৰক প্ৰদান কৰে।
আনহাতে, বংকিম বৰুৱাক সভাপতি, বসন্ত কাকতি, কামেশ্বৰ দাসক উপ-সভাপতি, ৰবিন বৰাক সম্পাদক হিচাপে লৈ উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ সমিতি গঠন কৰা হয়৷