১৭ ডিচেম্বৰত শিক্ষামন্ত্ৰী হিমন্তই জালুকবাৰী সমষ্টিৰ ছাত্ৰ-ছাত্ৰীক জনাব সম্বৰ্ধনা

বাইহাটা চাৰিআলিঃ অহা ১৭ ডিচেম্বৰত ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজ সমষ্টি জালুকবাৰী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা তথা বৃত্তিৰ ধন প্ৰদান কৰিব৷ বিগত বছৰৰ দৰে এইবেলিও জালুকবাৰী সমষ্টিৰ বিধায়ক তথা বিত্ত-স্বাস্থ্য-শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০১৭ বৰ্ষৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা জালুকবাৰী সমষ্টিৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক ৰাজহুৱা ভাৱে সম্বর্ধনা আৰু বৃত্তি লাভ কৰা ছাত্ৰ-ছাত্ৰীক বৃত্তিৰ ধন প্ৰদান কৰিব।

বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে। মন্ত্ৰীগৰাকীয়ে এক বিবৃতি যোগে বিগত ১৫বছৰত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সমষ্টিটোৰ ছাত্ৰ ছাত্ৰীসকলৰ উৰ্ধমুখী ফলাফল সমষ্টিবাসীৰ বাবে নিঃসন্দেহে এক গৌৰৱৰ বিষয় বুলি কয়।

২০০২ চনৰ পৰা সমষ্টিটোত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ অসমৰ ভিতৰতে বিশেষ স্থান লাভকে ধৰি ডিষ্টিংচন, ষ্টাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ছাত্ৰ-ছাত্ৰীৰ ক্ৰমাগত উৰ্দ্ধমুখী ফলাফলে সমষ্টিটোৰ সঠিক পৰিবেশ উন্নত কৰিছে শৈক্ষিক ক্ষেত্ৰত৷ হিমন্ত বিশ্ব শৰ্মাই ২০১৭ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত নুন্যতম প্ৰথম বিভাগ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ অৱিভাৱকসকলক এই সভাত উপস্থিত থাকি অনুষ্ঠানটি সফল কৰিবলৈ আহ্বান জনায়।