তুলসীবাৰীত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন

তুলসীবাৰীঃ সাম্প্ৰতিক সময়ত প্ৰতিষ্ঠা লাভৰ তাড়নাত মাতৃভাষা মাধ্যমৰ প্ৰতি একাংশ অভিভাবক আৰু ছাত্ৰ-ছাত্ৰীৰ বিৰাগ জন্মিছে৷ কিন্তু অধ্যয়নৰ সংগ্ৰাম অবিহনে মাতৃভাষাৰ মাধ্যম প্ৰতিষ্ঠা লাভৰ অন্তৰায় নহয়৷ -এই মন্তব্য  কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ ৰাজবংশীৰ৷

আজি বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত কৃতী ছাত্ৰ-ছাত্ৰী সকলৰ অভিনন্দন অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ নেতাগৰাকীয়ে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ভূমিকাকো চোকা সমালোচনা কৰে৷ জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিবদ্ধ ৰাজ্য চৰকাৰে ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপনৰ কৰি ইংৰাজী ভাষাক অধিক গুৰুত্ব প্ৰদানৰ চেষ্টা চলোৱা বুলিও মত প্ৰকাশ কৰে ৰাজবংশীয়ে৷

শেহতীয়াকৈ দীনদয়াল উপাধ্যায় নামকৰণ বিতৰ্কৰ সন্মুখীন হোৱা চৰকাৰ খনে জাতীয়তাবাদক ভেঙুচালি কৰি ৰাষ্ট্ৰীয়তাবাদৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা আগবঢ়োবা বুলি ভাষণ প্ৰসংগত অভিযোগ উত্থাপন কৰে ছাত্ৰ নেতাগৰাকীয়ে৷ আনহাতে উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰঙিয়াৰ মহকুমাধিপতি মুণীন্দ্ৰ বৰদলৈ উপস্থিত থাকি নিৰ্দিষ্ট পাঠ্যক্ৰমতে ছাত্ৰ-ছাত্ৰীসকল আবদ্ধ নাথাকি কাকত-আলোচনী আদি নিয়মিয়াকৈ পঢ়া শুনা কৰাৰ বাবেও ভাষণ প্ৰসংগত পৰামৰ্শ আগবঢ়ায়৷

বিশ্বায়নৰ যুগত অত্যাধুনিক প্ৰযুক্তি সমৃদ্ধ আহিলাৰ সহায়ত ছাত্ৰ-ছাত্ৰী সকলক শুদ্ধ তথ্য আহৰণৰ বাবেও আহ্বান জনায় মহকুমাধিপতি গৰাকীয়ে৷ বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশ্বজিত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানখনত সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, কামৰূপ জিলা সম্পাদক নিৰোদ কুমাৰ দাস, তথ্য সম্পাদক গোলোক ৰাজবংশীৰ লগতে মহকুমা ছাত্ৰ সন্থাৰ উপ সভাপতি শংকৰ ভূঞা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

অনুষ্ঠানত বৈদ্যগড় অঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৈদ্যগড় হাইস্কুল, তুলসীবাৰী শংকৰদেব শিশু নিকেতন আৰু বিদ্যাজ্যোতি শিশু নিকেতনৰ মুৰব্বী তথা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বিদ্যালয় কেইখনৰ পৰা কৃতিত্বৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী সকলক গামোচা, মানপত্ৰ, গ্ৰন্থ আৰু গছপুলি একোটাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়৷