ঢেকীয়াজুলিত অসম চৰকাৰে দিব ছহীদৰ আত্মবলীদানৰ প্ৰতিদান

swadhinata
swadhinata

ঢেকীয়াজুলিঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত আত্মবলীদানৰ কৰুণ গাঁথা সামৰি ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকীয়াজুলি থানাত ইংৰাজ চিপাহীৰ গুলী বুকু পাতি লৈ ১৩ গৰাকীকৈ বীৰ বীৰংগনাই দেশৰ বাবে জীৱন আহুতি দিয়াৰ ৭৫ বছৰত ভৰি দিছে৷

৪২ৰ ২০ছেপ্তেম্বৰৰ সেই দিনটোত মহাত্মাৰ আহ্বানত সমগ্ৰ দেশ ব্যাপী ভাৰত ত্যাগ আন্দোলনৰ যি দামামা বাজিছিল তাৰ পূৰ্ণ সমৰ্থন আগবঢ়াই "তৰিম নাইবা মৰিম" মন্ত্ৰ  আওৰাই অসম বাসীও জপিয়াই পৰিছিল উপনিৱেশীক ইংৰাজক খেদি স্বৰাজ আজুৰি আনিবলৈ ৷ ৪২ৰ ২০ছেপ্তেম্বৰত ঢেকীয়াজুলিৰ১৩ গৰাকী ছহীদৰ লগতে অসমৰ অন্যান্য প্ৰান্তৰ মুঠ ২৯গৰাকী ছহীদ হ’ল৷ নিঃসন্দেহে এয়া আছিল দেশ প্ৰেম তথা ত্যাগৰ সৰ্বোত্তম নিদৰ্শন৷

দেশে স্বাধীনতা লাভ কৰাৰ আজি ৭০ বছৰ অতিক্ৰম কৰিলে৷ পিচে এই সকল ছহীদৰ ভিতৰত দুই একৰ বাহিৰে প্ৰায় সকল ছহীদেই চৰকাৰী ভাবে উপেক্ষিত হৈ ৰ’ল যথোচিত ৰাষ্ট্ৰীয় মৰ্যদা লাভৰ পৰা৷ বিশেষকৈ ঢেকীয়াজুলিৰ ১৩ গৰাকী ছহীদ মনবৰ নাথ, কুমলী দেৱী, মণিৰাম কছাৰী, দয়াল পানিকা, খহুলী দেৱী, মংগল কুৰ্কু, মহীৰাম কোছ, তিলেশ্বৰী বৰুৱা, সৰুনাথ চুতীয়া, ৰতন কছাৰী, লেৰেলা কছাৰী আৰু এজন অচিনাক্ত সাধু, এজন অচিনাক্ত মগনীয়া৷ এই সকল ছহীদৰ আত্মবলীদানৰ সেই সমুজ্বল ইতিহাস আজিও জনমানসত ধূষৰ হৈ আছে৷ অৱশ্যে বিগত চৰকাৰৰ দিনত ছহীদৰ ত্যাগৰ স্মৃতি বিজড়িত ঢেকীয়াজুলিক "ছহীদ নগৰী" হিচাপে সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ঘোষণা কৰি নগৰ খনৰ উন্নয়নৰ বাবে কিছু আঁচনি গ্ৰহণ কৰে৷

কিন্তু এই সকল মহান ছহীদ পৰিয়ালৰ দৈন্যতা তথা আৰ্থিক দুৰাবস্থা দূৰ কৰাৰ বাবে চৰকাৰে কোনো বিশেষ আঁচনি গ্ৰহণ নকৰাৰ হেতুকে "১৯৪২ৰ মুক্তি যুঁজাৰু আৰু শ্বহীদ স্মৃতি ন্যাসে" দাবী উত্থাপন কৰি আহিছিল৷ ন্যাসৰ এই দাবীৰ প্ৰতি সঁহাৰি জনাই বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰতিটো ছহীদ পৰিয়ালক ৫লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰাৰ কথা সংবাদ মেলৰ জৰিয়তে ন্যাসৰ সম্পাদক ডিমচাঁদ বৰদলৈ আৰু সভাপতি দেৱীচৰণ নেওগে জনোৱাৰ লগতে ২০ ছেপ্তেম্বৰৰ ছহীদ দিৱসৰ কাৰ্যসূচীত সকলো শ্ৰেণী ৰাইজৰ উপস্থিতি কামনা কৰিছে৷

ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংহালৰ তৎপৰতাত এইবেলি অসম চৰকাৰে কেন্দ্ৰীয় ভাবে অতি ব্যয় বহুলতাৰে ছহীদ নগৰী ঢেকীয়াজুলিত ছহীদ দিৱসৰ "মহাৰজত জয়ন্তী" ৰ আয়োজন কৰাকলৈও ঢেকীয়াজুলিবাসী উৎফুল্লিত হৈ উঠিছে৷ চৰকাৰী ভাবে গ্ৰহণ কৰা এই কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু অন্যন্য মন্ত্ৰী সকল উপস্থিত থাকি স্বাধীনতা সংগ্ৰামৰ ছহীদক স্মৰণ কৰিব৷ 

এই উদ্দেশ্যে ২০ ছেপ্তেম্টৰত আয়োজিত মুকলি সভাত ছহীদ পৰিয়াল সমূহক চৰকাৰী ভাবে সম্বৰ্দ্ধনা জনাব৷ ইফালে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এই সকল ছহীদ প্ৰকৃত মূল্যায়নৰ পৰা ইমান দিনে উপেক্ষিত হৈ থকাৰ পিচত শেহতীয়াকৈ এই সকল ছহীদৰ পৰিয়াললৈ অসম চৰকাৰে ৫লাখ টকীয়া আৰ্থিক সাহায্য প্ৰদানৰ যি ব্যৱস্থা কৰিছে ইয়াক লৈও পৰিয়াল সমূহক বিবুদ্ধিত পেলাইছে৷ কিয়নো একোজন ছহীদৰ পৰিয়ালত এতিয়া নাতি পুতি সহ ৫০/৬০জনকৈ সদস্য৷ গতিকে চৰকাৰৰ পৰা লাভ কৰা এই ৫লাখ টকাৰ ভাগ বটৰুৱাক লৈ ব্যাপক সমস্যাৰ সন্মুখীন হ’ব লাগিব পৰিয়াল সমূহ৷ 

ইয়াকে নকৰি যদি চৰকাৰে এই সমূহ পৰিয়ালৰ একাংশ সদস্যক যোগ্যতাৰ ভিত্তিত  চাকৰি আদিৰ ব্যৱস্থা কৰিলেহে তেওঁলোক উপকৃত হ’ল হেতেন বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ আনহাতে ঢেকীয়াজুলিৰ ছহীদৰ প্ৰকৃত সন্মান দিবলৈ হ’লে ছহীদ ভূমি ঢেকীয়াজুলিক মহকুমা হিচাপে গঢ় দি ক্ষীপ্ৰ উন্নয়ন বাবে আঁচনি গ্ৰহণৰ ব্যৱস্থা কৰিব লাগিব বুলি ইয়াৰ বিদ্বৎ মহলে মত প্ৰকাশ কৰিছে৷