
দলংঘাটঃ ১৯৮০ চনত শিক্ষকতাৰে চাকৰি জীৱনৰ আৰম্ভ কৰা দৰং জিলাৰ বালিপোতাৰ ৫০৪নং প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধনেশ্বৰ ভাগৱতীক দেওবাৰে বিদ্যালয় পৰিচালনা সমিতিয়ে সম্বৰ্ধনা যাচে।
প্ৰধান শিক্ষকগৰাকীয়ে বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰি শেষ মুহূৰ্তত ৫০৪নং প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে যোৱা ৩০ নৱেম্বৰত অৱসৰ গ্রহণ কৰে।
পৰীক্ষিত নাৰায়ণ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক সোণাৰাম ডেকাৰ সভাপতিত্ব অনুষ্ঠিত সভাত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ড০ দিলীপ বৰুৱা, টেঙাবাৰী জনতা বিদ্যাপীঠৰ প্ৰাক্তন শিক্ষক চক্ৰধৰ শইকীয়া, বালিপোতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহঃ প্ৰধান শিক্ষক অমৃত চন্দ্ৰ ডেকা, সমাজকৰ্মী ক্ষিতীন্দ্ৰ কুমাৰ শৰ্মা উপস্থিত থাকে।