কলিয়াবৰৰ উলুৱনিৰ মহিলাই খেলিলে পৰম্পৰাগত খেল

কলিয়াবৰঃ বৃহত্তৰ অসমীয়া জাতি নানা পৰম্পৰা, লোক-সংস্কৃতি, গীত-নৃত্যৰে চহকী৷ পৰম্পৰাগত খেল-ধেমালি, লোক-সংস্কৃতি, গীত-নৃত্যৰে চহকী অসম খন সদায় শুৱনি হৈ আছে৷ সাম্প্ৰতিক সময়ত অত্যাধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত আগ্ৰাসনে সকলোকে চেপি ধৰাৰ হেতু অসমীয়া সমাজত যুগ যুগ ধৰি প্ৰচলিত হৈ অহা বহু ৰীতি-নীতি তথা পৰম্পৰা আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে৷

তথাপিও কিছু পুৰণি পৰম্পৰাগত খেল-ধেমালি ঠায়ে ঠায়ে সংকটৰ মাজেৰে হ’লেও জীয়াই থকা পৰিলক্ষিত হৈছে৷ পুৰণি পৰম্পৰা মতে, মাঘ বিহুত গ্ৰাম্য অঞ্চলত নানা খেল-ধেমালি খেলা দেখা যায়৷ ঠায়ে ভেদে এই আদিম পৰম্পৰা পালন কৰি অহা দেখা যায়৷

কণী যুঁজ, কড়ি খেল, তৰোৱাল খেল, কাড় খেল, বুলবুলি চৰাই যুঁজ, হাউখেল, লৰা, ধৰা, বোন্দা হাউ, গন্ধ হাউ, ঢোপখেল, টাংগুটি, ঘিলাখেল, লুকাভাকু আদি গ্ৰাম্য অঞ্চলত আজিও খেলা দেখা যায়৷ অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু পাৰ হ’ল যদিও গ্ৰাম্য অঞ্চলত পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা আজিও অনুষ্ঠিত হৈ আহিছে৷ গাঁৱৰ কিশোৰ-কিশোৰী, আৱাল, বৃদ্ধ বনিতাই ব্যস্ত হৈ পৰে৷ নগাঁও জিলাৰ কলিয়াবৰ উলুৱনি অঞ্চলৰ মহিলাসকল ব্যস্ত হৈ পৰিছে  পৰম্পৰাগত খেলত৷

পুথিভৰাঁল ও সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত স্থানীয় কস্তৰবা অাশ্ৰম চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰাংগনত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় প্ৰতিযোগিতা সমূহ৷ আনহাতে ভোগালীৰ অন্তৰংগ অালাপ অনুষ্ঠানো অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন অাৰু বন্তি প্ৰজ্বলন কৰে মিণু দেৱী অাৰু মৃণাল বৰাই। ইয়াৰ পিছতেই গাঁৱৰ মহিলা অাৰু যুৱতীৰ মাজত অনুষ্ঠিত হয় চকী খেল, মুখত চামুচৰ ওপৰত মাৰ্বল লৈ দৌৰা খেল, ৰচী টনা, টেকেলী ভঙা অাদি প্ৰতিযোগিতা।

এই অনুষ্ঠানৰ অাঁতধৰে যুৱ সাংস্কৃতিক কৰ্মী দেৱাশিষ গোস্বামীয়ে৷ প্ৰতিযোগিতাৰ অন্তত গাঁৱৰ মহিলা, বোৱাৰী অাৰু যুৱতীসকলৰ মাজত অনুষ্ঠিত হয় এক অন্তৰংগ অালাপ অনুষ্ঠান। অন্তৰংগ অালাপ অনুষ্ঠানৰ অাঁতধৰে কলিয়াবৰ মহাবিদ্যালয়ৰ অতিথি প্ৰৱক্তা অলংকৃতা গোস্বামী অাৰু শিক্ষয়িত্ৰী শিখামনি শইকীয়াই। অনুষ্ঠানত বয়োজ্যেষ্ঠা মহিলা ফুলমাই গোস্বামী অাৰু ভদেশ্বৰী পাঠকক সম্বৰ্ধণা জনোৱা হয়। অনুষ্ঠানৰ শেষত প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত বিজয়ী প্ৰতিযোগিসকলক পুৰস্কাৰ প্ৰদান কৰা হয়৷ অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ৰেৱ শৰ্মা, হৰেশ্বৰ শৰ্মা, সুনিল ওজা, বিশিষ্ট সমাজকৰ্মী কৃষ্ণমূৰ্ত্তি পাঠক বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।