শাহু-শহুৰে নিলে কোলাৰ সন্তান, মহিলাৰ আত্মহত্যাৰ চেষ্টা, ৰঙিয়াত চাঞ্চল্য

ৰঙিয়াঃ কামৰূপৰ ৰঙিয়া চহৰৰ দীপ্তি নগৰত বুধবাৰে এগৰাকী বোৱাৰীয়ে আত্মহত্যা কৰাৰ চেষ্টা চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। খোদ স্বামী আৰু স্বামীৰ পৰিয়ালৰ অত্যাচাৰ সহিব নোৱাৰি মমতা ৰায় (২৫) নামৰ বোৱাৰীগৰাকীয়ে ফেনাইল খাই আত্মহত্যা কৰাৰ চেষ্টা চলাই৷

ফেনাইল খোৱাৰ কথা অৱগত হোৱাৰ পিছতে মহিলাগৰাকীক ৰঙিয়া সামুহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই কৰোৱা হয় যদিও পিছত সংকটজনক অৱস্থাত জি এম চি এইচলৈ প্ৰেৰণ কৰে চিকিৎসকে।

জানিব পৰা মতে, টেলিকম বিভাগৰ কৰ্মচাৰী ৰঙিয়া জয়ন্তীপুৰৰ ব্ৰজেন পাটোৱাৰীয়ে মমতা ৰায় (২৫) নামৰ বিহাৰী সম্প্ৰদায়ৰ মহিলাগৰাকীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল প্ৰায় তিনি বছৰ পূৰ্বে৷ তাৰ পিছত পতী-পত্নী দুয়ো ৰঙিয়া দীপ্তি নগৰত ভাড়া ঘৰত থাকিবলৈ লয়।

এগৰাকী কন্যা সন্তানো জন্ম পায় মহিলাগৰাকীৰ৷ কিন্তু স্বামী ব্ৰজেন পাটোৱাৰী, শহুৰ অতুল পাটোৱাৰী আৰু শাহু গীতা পটোৱাৰীয়ে বোৱাৰীগৰাকীক শাৰিৰীক নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হয়৷

তাৰ মাজতে, স্বামীয়ে কণমানি ডেৰ বছৰীয়া কন্যা সন্তান সহ মহিলাগৰাকী ভাড়া এৰি থৈ যায়৷ কিন্তু মঙলবাৰে পুণৰ শাহু আৰু শহুৰ ভাড়াঘৰত উপস্থিতহৈ মহিলাগৰাকীক শাৰিৰীক নিৰ্যাতন চলাই কন্যা সন্তানটোক বলপূৰ্বক ভাৱে কাঢ়ি নিয়ে৷ মাতৃৰ বুকৰ পৰা নিজ কন্যাক লৈ যোৱাত মহিলাগৰাকী হতাশ হৈ পৰে৷

বুধবাৰে পুৱাৰ ভাগত মহিলাগৰাকীয়ে ভাড়াঘৰৰ কোঠাত ফেনাইল খাই আত্মহত্যা কৰাৰ চেষ্টা চলাই। মহিলাগৰাকীৰ চিঞৰ শুনি ভাড়াঘৰৰ মালিকে কোঠাত আহি উপস্থিত হোৱাত মহিলাগৰাকীক সংকটজনক অৱস্থাত প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ ৰঙিয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও চিকিৎসকে মহিলাগৰাকীক জিএম চি এইচলৈ প্ৰেৰণ কৰে।

ইফালে মহিলাগৰাকীয়ে আত্মাহত্যাৰ চেষ্টা চলোৱাৰ পূৰ্বে লিখা এখন চুছাইড নোট উদ্ধাৰ হয়৷ ইতিমধ্যে মহিলাগৰাকীৰ শাহু আৰু শহুৰক ৰঙিয়া আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰে।