
গুৱাহাটীঃ ৰাজ্যৰ কেইবাগাৰকী বুদ্ধিজীৱীয়ে দিল্লীৰ Constitution Clubৰ বিতৰ্কিত এনআৰচি সন্দৰ্ভত অনুষ্ঠিত এখন সভাত অংশ গ্ৰহণ কৰি আৰক্ষীৰ সোধ-পোছৰ সন্মুখীন হোৱাৰ সময়তে শুকুৰবাৰে বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি বহু বিতৰ্কিত তথা সততে চৰকাৰৰ সপক্ষে থকা বুদ্ধিজীৱী এগৰাকীয়ে বিতৰ্কত সোমাই পৰিছে৷ ৫০গৰাকী নগা চিপাহীক গুলীয়াই হত্যা কৰিব লাগে বুলি কোৱা বুদ্ধিজীৱীগৰাকীৰ বিৰুদ্ধে দুগৰাকী যুৱকে বিতৰ্কিত মন্তব্যৰ বাবে মহানগৰীৰ জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷
শুকুৰবাৰে আৰআৰএছৰ নেতাৰ এখন গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি কেইবাটাও বিতৰ্কিত মন্তব্য আগবঢ়াইছিল বুদ্ধিজীৱী তথা জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে৷ মহানগৰীৰ দিছপুৰত গড়কাপ্তানী বিভাগৰ প্ৰেক্ষাগৃহত ৰাজ্যৰ খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঞ্চত বহি থকাৰ সময়তে বুদ্ধিজীৱীগৰাকীয়ে এটাৰ পিছত এটা বিতৰ্কিত মন্তব্য আগবঢ়াই গৈছিল৷ বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইৰ ডিগ্ৰীক উপলুঙা কৰি দীঘলীপুখুৰী পাৰৰ ভেকুলি আৰু মেটেকাৰ ওপৰত গৱেষণা কৰা বুলি কৈ চাৰ্কুলেছন নথকা অসমৰ কাকতত তেওঁৰ লিখা প্ৰকাশ পায় বুলি অসমৰ বাতৰিৰ কাকতৰ লগতে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোঁহাইক ইতিকিং কৰে৷
কেৱল ইমানে নহয় সততে ৰাজ্য-কেন্দ্ৰ চৰকাৰৰ সপক্ষে মাত মাতি অহা বুদ্ধিজীৱীগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখতে অসম-নাগালেণ্ড সীমান্ত সমস্যাৰ কথা উল্লেখ কৰি এজন ভাল বিষয়াই এদিনতে তেনে সমস্যা নোহোৱা কৰিব পাৰে বুলি কয়৷ তাৰ ববে বন্দুক উঠাই ৫০গৰাকী নগা চিপাহীক গুলীয়াই হত্যা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷ মাৰি পেলোৱাৰ পিছত আয়োগ বহে, তদন্ত যি হয় হৈ থাকক বুলি কয়৷ চৰকাৰৰ পক্ষৰ বুদ্ধিজীৱীৰ এনে অযুক্তিকৰ মন্তব্যৰ পিছতে ৰাজ্যৰ ছচিয়েল মিডিয়াত সক্ৰিয় একাংশ লোকে জাঙুৰ খাই উঠে৷ তাৰ মাজতে জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ বিৰুদ্ধে দুগৰাকী সক্ৰিয় ৰাজহুৱা কৰ্মীয়ে এজাহাৰ দাখিল কৰে৷
দীপ দাস আৰু সমৰজ্যোতি বেজবৰুৱাই শনিবাৰে মহানগৰীৰ জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ এনে প্ৰৰোচনামূলক আৰু অভিসন্ধিমূলক মন্তব্যই সীমান্তত বসবাস কৰা ৰাইজৰ মাজত অশান্তিৰ সৃষ্টি কৰৰা লগতে নিৰপত্তা বিঘ্নিত হোৱাৰ আশংকা ব্যক্ত কৰে দুয়ো যুৱকে৷ সভা খনত হিন্দু বাংলাদেশীক সমৰ্থন কৰি মন্তব্য আগবঢ়োৱাত বাংলাদেশত নিৰ্যাতিত হিন্দু ভাৰতলৈ নাহি ক’ত যাব বুলি কোৱা মন্তব্যকো গৰিহণা দিয়ে দীপ দাস আৰু সমৰজ্যোতি বেজবৰুৱাই৷
পুনৰ এনে মন্তব্য নকৰিবলৈও সকীয়াই দিয়ে দীপ দাস আৰু সমৰজ্যোতি বেজবৰুৱাই৷ চক্ৰৱৰ্তীয়ে নিজৰ ভাষণত অসম-নাগালেণ্ড সীমান্তৰ কথা উল্লেখ কৰি সীমান্তত পঞ্চাশটা নগা চিপাহীক যদি গুলিয়াই দিব পৰা যায় পঞ্চাশ বছৰলৈ আৰু নগা নাহে বুলি কৈছিল৷ অকল ইয়াতেই শান্ত নাথাকি চক্ৰৱৰ্তীয়ে হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ বিষয়টোক সমৰ্থন কৰি বাংলাদেশত নিৰ্যাতিত হিন্দুসকল ভাৰতলৈ নাহি কলৈ যাব বুলি স্পষ্ট কৈ কৈছিল৷