নামতিত জাতীয় সংগঠনৰ দুই নেতাৰ বিৰুদ্ধে ৫০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ

নামতিঃ এটি জাতীয় সংগঠনৰ বিৰুদ্ধে ধন দাবী কৰাৰ অভিযোগ উত্থাপন হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে শিৱসাগৰ জিলাৰ নামতি-দেওপানী অঞ্চলত৷ জাতীয় সংগঠনটোৰ নামতি-দেওপানী আঞ্চলিক সমিতিৰ সভাপতি আৰু সম্পাদককৰ বিৰুদ্ধে উত্থাপন হৈছে ৫০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ৷ শিৱসাগৰ জিলাৰ নামতি সমীপৰ মিছাজান দেওপানী চাৰিআলিৰ লাইফ কেয়াৰ মডিকেল নামৰ ঔষধৰ দোকান খনৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি শিৱসাগৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক অভিযোগ প্ৰদান কৰিছিল সংগঠনটোৱে।

সংগঠনটোৱে ঔষধৰ ব্যৱসায়ীগৰাকীয়ে অঞ্চলটোত কোনো চৰকাৰী চিকিৎসক নথকাৰ সুযোগ লৈ বছৰ বছৰ ধৰি দৰিদ্র আৰু অজ্ঞ লোকক দোকানৰ লগতে ঘৰে ঘৰে গৈ চিকিৎসা কৰি ঔষধ প্রদান কৰা বুলি অভিযোগ উত্থাপন কৰে। ঔষধ খাই বৰ্তমানলৈ কেইবাজনো লোকৰ মৃত্যুৰ মুখত পৰা বুলিও কয় সংগঠনটোৱে। শিৱসাগৰ জিলাৰ যুটীয়া সঞ্চালক নথকাৰ বাবে স্বাস্থ্য বিভাগে অভিযোগৰ তদন্ত কৰিবৰ বাবে যোৰহাট জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক দায়িত্ব দিয়ে।

যুটীয়া সঞ্চালক হৃদয়ানন্দ মহন্তই বুধবাৰে মিছাজান দেওপানী চাৰিআলিৰ লাইফ কেয়াৰ মডিকেল নামৰ ঔষধৰ দোকান খনত উপস্থিত হৈ তদন্ত আৰম্ভ যদিও সংগ্রামী যুৱ ছাত্র পৰিষদৰ নেতা কেইজনৰ অভিযোগ সম্পূর্ণ মিছা বুলি প্রমাণিত হয় বুলি জানিব পৰা গৈছে। আনহাতে তদন্তৰ বাবে অহা স্বাস্থ্য বিষয়াগৰাকী ঔষধৰ দোকান উপস্থিত হোৱাৰ কিছু সময় পিছতেই অঞ্চলটোৰ দুই শতাধিক ৰাইজ উপস্থিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। স্থানীয় ৰাইজে যুটীয়া সঞ্চালকগৰাকী অহাৰ কিছু সময় পিছতেই প্রায় ৭০ গৰাকীকৈ লোকে স্বাক্ষৰ কৰা এজাহাৰ দুই নেতাৰ বিৰুদ্ধে গেলেকী আৰক্ষী থানাত দাখিল কৰে।

সংগঠনটোৰ নেতা ৱাহিদ আহমেদ আৰু আবিদুৰ হাজৰিকাই ঔষধ দোকানী জনৰ বিৰুদ্ধে কৰ্তৃপক্ষৰ হাতত এখন ভূৱা অভিযোগ দাখিল কৰিছিল বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ ৰাইজে লাইফ কেয়াৰ মেডিকেলৰ স্বতাধিকাৰী আব্দুল হান্নানে বহু দিন ধৰি ফাৰ্মাচীত দৰৱ পাতি যোগান ধৰি আমাক ৰাইজক উপকৃত কৰি আহিছে বুলি কয়। সংগঠনৰ নেতাসকলক তদন্তৰ সময়ত মাতিছিল যদিও উপস্থিত নথকাত ৰাইজ উত্তেজিত হৈ পৰে৷ ঔষধ দোকানীজনেও সকলো অভিযোগ অস্বীকাৰ কৰি নেতা দুজনে পঞ্চাশ হাজাৰ টকা দাবী কৰা বুলি অভিযোগ উত্থাপন কৰি গেলেকী থানাত এজাহাৰ দাখিল কৰে। কোন সঁচা কোন মিছা সেয়া সময়েহে কব৷ ইতিমধ্যে গেলেকী আৰক্ষীয়ে ১০/১৮ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩৮৪ ধাৰাত গোচৰ পঞ্জীয়ন কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে।