গৰৈমাৰীত শিক্ষক ছাৰক লাগে ২০০ টকাকৈ, ছাত্ৰৰ এজাহাৰ, D.EL.Edৰ পৰীক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ

গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ সোণতলীত পৰীক্ষাৰ্থীৰ পৰা বিদ্যালয় কৰ্তৃপক্ষই ধন বিছৰাৰ অভিযোগ উত্থাপন কৰি এগৰাকী পৰীক্ষাৰ্থীয়ে প্ৰৱক্তাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দক্ষিণ কামৰূপত৷

জানিব পৰা মতে, সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ D.EL.Edৰ কেন্দ্ৰৰ পৰীক্ষাৰ্থীসকলৰ পৰা অধ্যক্ষ আৰু একাংশ প্ৰৱক্তাই ২০০ টকাকৈ লোৱাৰ অভিযোগ উত্থাপন কৰে একাংশ পৰীক্ষাৰ্থীয়ে৷

বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয় চৌহদত টেবুলত পাৰি বহী প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ পৰা ২০০ টকাকৈ সংগ্ৰহ কৰাৰ সমগ্ৰ দৃশ্য একাংশ D.EL.Edৰ পৰীক্ষাৰ্থীয়ে মোবাইলত ৰেকৰ্ড কৰে৷ ধন সংগ্ৰহ কৰি থকা অৱস্থাত এগৰাকী ছাত্ৰই ৰিচিভ বিচৰাত ছাত্ৰজনক মাৰধৰ কৰিবলৈ উদ্যত হয় এগৰাকী প্ৰৱক্তাই৷ পৰীক্ষাৰ্থীগৰাকী আন একাংশ পৰীক্ষাৰ্থীৰ বাবে মাৰ খোৱাৰ পৰা ৰক্ষা পৰে৷

পৰীক্ষাৰ্থীৰ পৰা ২০০ টকাকৈ সংগ্ৰহ কৰাৰ ৰিচিভ বিচৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ তাৰ পিছতেই সোমবাৰে পৰীক্ষাৰ্থীক ভাবুকি আৰু বেআইনী ভাৱে শিক্ষকে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰি সোণতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে এগৰাকী পৰীক্ষাৰ্থীয়ে৷

১৮ ফেব্ৰুৱাৰীত সংঘটিত হয় এই ঘটনা৷ সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আশ্ৰফ উদ্দিন আহমেদ, সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰৱক্তা ছামচুল হকৰ লগতে নয়ান আলী আৰু শ্বাহ আলমৰ বিৰুদ্ধে সোমবাৰে এজাহাৰ দাখিল কৰে ছাত্ৰ ৰেজাবুল হকে।