মৰিয়নীৰ নাগিনীজানত অগ্নিকাণ্ড, এজন আহত

Image for Representation
Image for Representation

মৰিয়নীঃ যোৰহাটৰ মৰিয়নী নকছাৰীৰ নাগিনীজানত পুৱতি নিশা সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত মনোজ বৰ্মা আৰু মুন্না কালুৱাৰ নামৰ লোক দুজনৰ গেলামালৰ দোকান দুখন সম্পূৰ্ণ ৰূপে জুইত জাহ যায়।

শ্বৰ্ট চাৰ্কিটৰ পৰা জুইৰ সূত্ৰ পাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ৰাইজৰ তৎপৰতাত কেইবাটাও বাসগৃহ জুইত জাহ যোৱাৰ পৰা ৰক্ষা পৰে।

জুই নুমুৱাবলৈ চেষ্টা কৰোতে গেনিয়াৰ গোৱালা নামৰ এজন ব্যক্তি গুৰুতৰভাৱে আহত হয়। ইফালে ২ ঘন্টা পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰে। অগ্নিকাণ্ডৰ ফলত কেইবালক্ষাধিক টকা মূল্যৰ সা-সম্পত্তি ভস্মীভূত হোৱাৰ অনুমান কৰা হৈছে.