ডবকাত অগ্নিকাণ্ড, জাহ গ’ল ১০ খনকৈ ব্যৱসায় প্ৰতিষ্ঠান

মোৰাঝাৰঃ হোজাই জিলাৰ ডবকাত দেওবাৰে পুৱাই ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈ কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠান মুহূৰ্ততে জাহ যায়।

ডবকা চহৰৰ মাজ মজিয়াত  অগ্নিকাণ্ডত প্ৰায় দহখনকৈ ব্যৱসায় প্ৰতিষ্ঠান জুইত জাহ যোৱাত চাঞ্চল্যৰ সৃষ্টি হয়। একাংশ লোকে পুৱতি নিশা ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা ধোৱা ওলোৱা প্ৰত্যক্ষ কৰাত হৈ চৈ লাগে৷ ততাতৈয়াকৈ একাংশ লোকে ঘৰৰ পৰা ওলাই আহি জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয়।

একাংশ লোকে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও বহু পলমকৈ আহি উপস্থিত হোৱাত জুই নিৰ্বাপন কৰে যদিও ইতিমধ্যে ব্যৱসায় প্ৰতিষ্ঠানৰ কেই খন জুইত জাহ যায়৷ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পিছতো সময়মতে উপস্থিত নোহোৱাত ৰাইজে ক্ষোভ ব্যক্ত কৰে৷