
কামপুৰঃ নগাঁও জিলাৰ কামপুৰৰ বৰক'লা লালুং গাঁৱত শুকুৰবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড৷ অগ্নিকাণ্ডত অজয় বৰদলৈ নামৰ লোক এজনৰ বাসগৃহ সম্পূৰ্ণ ৰূপে ভস্মিভূত হয়। জানিব পৰা মতে, বিদ্যুৎ পৰিবাহী তাঁৰৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়৷
বিদ্যুতৰ তাৰৰ পৰা জুই ঘৰত লাগে৷ কিছুসময় পিছতে জুই আৱৰি ধৰে অজয় বৰদলৈ নামৰ এজন লোকৰ বাসগৃহ৷ কিছু সময়ৰ ভিতৰতে সম্পূৰ্ণ ৰূপে ভস্মিভূত হয় তেওৰ আটাইকেইটা ঘৰ৷ তিনি লক্ষাধিক টকাৰ সা সম্পতি জুইত জাহ যায় পৰিয়ালটোৰ। স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে জুই নিৰ্বাপন কৰে। বিদ্যুত বিভাগক বাবে বাবে বিদ্যুতৰ তাঁৰ সমূহ হাতেৰে ঢুকি পোৱা তথা মানুহৰ ঘৰত লাগি থকাৰ কথা জনোৱাৰ পাছতো গুৰুত্ব প্ৰদান নকৰাত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ।