
খেৰণিঃ দাউদাউকৈ জ্বলি উঠিল একুৰা জুই৷ মূহুৰ্ততে জুউৰ লেলিহান শিখাত ছাই পৰে লক্ষাধিক টকাৰ সম্পত্তি৷ সৃষ্টি হয় আতংকময় পৰিৱেশৰ৷ যি যেনেকৈ পাৰে চেষ্টা চলাই জুইৰ গতি ৰুদ্ধ কৰিবলৈ৷
মঙলবাৰে নিশা পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানা অন্তৰ্গত খেৰণি ডেইলি বজাৰত সংঘটিত এক অগ্নিকাণ্ডই এখন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত কৰে৷
ডেইলী বজাৰত থকা কৃষ্ণপদ দত্ত নামৰ ব্যৱসায়ীজনৰ বিদ্যুৎ সামগ্ৰী বিক্ৰী কৰা দোকানখনত নিশা হঠাৎ দপদপকৈ জুই জ্বলি উঠাত অঞ্চলটোত হুৱাদুৱাৰ সৃষ্টি হয়৷ দাউদাউকৈ জ্বলি উঠা জুইত মূহুৰ্তৰ ভিতৰতে ভস্মীভূত হয় লক্ষাধিক টকাৰ সামগ্ৰী৷
অৱশেষত স্থানীয় ৰাইজে তৎপৰতা দেখুৱাই জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়৷ ৰাইজৰ সহযোগতে ৰক্ষা পৰে ভস্মীভূত দোকানখনৰ কাষৰ কেইবাখনো দোকান৷ বিদ্যুতৰ চৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷