
লালুকঃ লখিমপুৰ জিলাৰ লালুক আজাদ তিনিআলিত বুধবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ডৰ ঘটনা৷ জানিব পৰা মতে, বুধবাৰে নিশা লালুকৰ আজাদ তিনিআলিৰ আমেনা খাতুন নামৰ অতি দৰিদ্ৰ বৃদ্ধা এগৰাকীয়ে বাস কৰা ঘৰটোত জুই লাগে৷
পিছত ওচৰ-চুবুৰীয়াৰ তৎপৰতাত জুই নুমাই যদিও ঘৰটোৰ ভিতৰত থকা সা-সম্পত্তিসমূহ ভস্মীভূত হয়৷ অৱশ্যে জুই লগা মূহুৰ্তত বৃদ্ধাগৰাকী ঘৰত নথকাত আসন্ন বিপদৰ পৰা ৰক্ষা পৰে৷ কোনো দুৰ্বৃত্তই ঘৰটোত জুই লগোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷