
লংকাঃ বিজয়া দশমীৰ আনন্দ উলাহৰ মাজতে হোজাই জিলাৰ লংকাত সংঘটিত হৈছে ভয়াবহ অগ্নিকাণ্ড। লংকা চহৰৰ পিয়লি মাৰ্কেটত অগ্নিকাণ্ড সংঘটিত হৈ কেবাখনো ব্যৱসায় প্ৰতিষ্ঠান ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত কেবালাখ টকাৰ ক্ষতি হয় ব্যৱসায়ীসকলৰ।
গেছ চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকে। ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া মাত্ৰকে জিলা খনৰ লংকা আৰু শংকৰদেৱ নগৰৰ তিনিখনকৈ অগ্নি নির্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে।