
ফিল’বাৰীতঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচলৰ সীমান্তৰ বুঢ়ীদিহিং নৈৰ জাগুণ ঘাটত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হোৱাত তীব্ৰ আতংকৰ সৃষ্টি হয়৷ সন্দেহজনক আলফা স্বাধীন আৰু সেনাৰ মাজত প্ৰচণ্ড সংঘৰ্ষ লগা বুলি জানিব পৰা গৈছে৷
লেখাপানী আৰক্ষী চকীৰ অন্তৰ্গত বুঢ়ীদিহিং জাগুণ নৈৰ পাৰত সন্ধিয়া প্ৰায় ৭ বজাত আছাম ৰাইফল আৰু আলফা স্বাধীনৰ কেডাৰৰ মুখামুখি হয়৷ তাৰ পিছতে সেনা-আৰক্ষীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী লগাত আতংকৰ সৃষ্টি হয়৷ জানিব পৰা মতে, নিশাৰ আন্ধাৰৰ বাবে হতাহতৰ খবৰ জানিব পৰা হোৱা নাই৷
আনহাতে, জাগুণ আৰক্ষী চকীৰ পাৰত সংঘটিত হোৱা সংঘৰ্ষৰ মাজতে আলফাৰ দলটো দিহিং নৈৰ কোথা বস্তী হৈ অৰুণাচলৰ দিশে পলায়ণ কৰে বুলি জানিব পৰা গৈছে৷