প্ৰথমখন মেড ইন ইণ্ডিয়া ৰেলগাড়ী চলিল ভাৰতত

মুম্বাইঃ প্ৰথমবাৰৰ বাবে সম্পুৰ্ণৰূপে ভাৰতত নিৰ্মিত ৰেলগাড়ীখনে পালে সেউজ সংকেত। ৰেল মন্ত্ৰী সুৰেশ প্ৰভুৱে উপ-নগৰীয় ৰেলগাড়ী 'মেধা’ক শনিবাৰে সেউজ সংকেত দিয়ে।

সৰ্বাধিক ১০৫ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগ ল’বপৰা ৰেলগাড়ীখনৰ ৬০৩০ গৰাকী যাত্ৰী কঢ়িয়াব পাৰে। বিদ্যুতশক্তি ৰাহি কৰাৰ বাবে মেধাত প্ৰয়োগ কৰা হৈছে ৰিজেনেৰেটেড ব্ৰেকিং চিষ্টেম।