গ্ৰাম্য অঞ্চলত অবাধে চলিছে কণীযুক্ত মাছ নিধন যজ্ঞ, বিলুপ্তিৰ পথত থলুৱা মাছ

filephoto
filephoto

নগাঁওঃ ৰাজ্যৰ উজনি-নামনিত সময়ে সময়ে পানীত কীটনাশক মিহলাই থলুৱা মাছৰ নিধন যজ্ঞ চলোৱা হয়৷ মৎস্য আইনক ভেঙুচালি কৰি এচাম লোকে আঠুৱা জালেৰে, কম পাহিৰ লানি জালেৰে কণীযুক্ত মাছৰ নিধন কাৰ্য অব্যাহত ৰখাৰ লগতে খাল-বিল, জলাশয় আদিত বিহ প্ৰয়োগ কৰি মাছ নিধন কৰাৰ সময়তে এইবেলিও পেটত কণী থকা থলুৱা মাছৰ নিধন যজ্ঞ অব্যাহত ৰাখিছে৷ সমগ্ৰ ৰাজ্য খনতে এই কাণ্ড অব্যাহত ৰাখিছে একাংশ লোকে৷

বিভিন্ন প্ৰান্তৰ গ্ৰাম্য অঞ্চলত মীন বিভাগৰ চূড়ান্ত অৱহেলা আৰু অকৰ্মণ্যতাৰ পূৰ্ণ সুযোগ গ্ৰহন কৰি এচাম অসাধু ব্যৱসায়ীয়ে অবাধে ব্যাপক হাৰত পোণা মাছৰ লগতে কণীযুক্ত মাছৰ ৰমৰমীয়া বেহা চলাই থকা পৰিলক্ষিত হৈছে৷ 

ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাতো কণীযুক্ত মাছ নিধন যজ্ঞ অব্যাহত আছে৷ নগাঁৱৰ হাতীচোং, কাছমাৰী আৰু জাগীয়াল আদি মৌজাৰ উক্ত মৌজাৰ বেবেজীয়া, ডিমৌ, বাংথাই, পেটবহা, ঘাঁহী, ম’হমৰীয়া, কৃষ্ণাইখাট, ডাকৰঘাট, হাতীগড়, দক্ষিণপাট, বৰক’লা, জামুগুৰি, নমাটি, ভালুকমাৰী, কাকমাৰী, চকলাঘাট, ব্ৰাহ্মণগাঁও, কুৰুৱাবাহী, জাজৰি, হাতীচোং, ৰাইদঙীয়া, কাছমাৰী, বৰভেটি, শিমলুগুৰি, গৰৈমাৰী, টকৌবাৰী, ভকতগাঁও, বেজৰগাঁও, ফুকনঘাট, সোণাইপাৰ, গা-খজুৱা, দলংঘাট, পকামুৰাঘাট, মাজগাঁও আদি গ্ৰামাঞ্চলত পোণা আৰু কণীযুক্ত মাছৰ ব্যৱসায় নিৰ্বিঘ্নে অব্যাহত ৰাখিছে একাংশ লোকে৷ 

কাজেই, থলুৱা মাছৰ সংৰক্ষণৰ প্ৰতি ভাৰতীয় মীন আইনে প্ৰবৰ্তন কৰা আইনখনক উপলু্ঙা কৰি অসাধু মৎস্য ব্যৱসায়ী চক্ৰই এনেদৰে উক্ত গ্ৰামাঞ্চলবোৰত নিতৌ নানা বিৰল প্ৰজাতিৰ পেটত কণী থকা থলুৱা মাছবোৰ বিক্ৰী কৰি অহাত এনে বহু প্ৰজাতিৰ থলুৱা মাছ সম্প্ৰতি বিলুপ্তিৰ পথত আগবাঢ়িছে৷ তৎসত্ত্বেও মীন বিভাগে এনে অনিয়ম দেখি-শুনিও নিৰৱে হাত সাৱটি থকাত জিলাখনৰ সচেতন মহলে গভীৰ খেদ প্ৰকাশ কৰিছে৷

বৰ্তমান অসাধু মৎস্য ব্যৱসায়ীসকলে সম্পূৰ্ণ মইমতালিৰে উক্ত মৌজা তিনিটাৰ বিভিন্ন স্থানত থকা নদী,জলাশয়,খাল,বিল,পুখুৰী আদিৰ পৰা থলুৱা বিৰল প্ৰজাতিৰ কণীযুক্ত মাছ ধৰি সেইবোৰ নিৰ্ভয়ে বিক্ৰী কৰি থলুৱা প্ৰজাতিৰ মাছৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে৷ ভাৰতীয় মীন আইন ১৯৯৭ ৰ সংশোধনী ধাৰামতে বছৰৰ পহিলা এপ্ৰিলৰ পৰা ১৫ জুনলৈ ৰাজ্যৰ সকলো পানী থকা ঠাইত আঢ়ৈ ইঞ্চিতকৈ সৰু ফুটাযুক্ত সকলো জালৰ বিক্ৰী আৰু এই জালবোৰেৰে মাছ ধৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে৷ 

কিন্তু আশ্চৰ্যজনকভাবে নগাঁৱৰ গ্ৰামাঞ্চলবোৰত এনে নিষেধাজ্ঞা মানি চলা নাই মৎস্য ব্যৱসায়ীসকলে ৷ফলত গ্ৰামাঞ্চলবোৰত সম্প্ৰতি ৰৌ, বৰালী, কাৱৈ,মিৰিকা, বামি, পুঠি, শিঙি, চন্দা, গৰৈ, তোৰা, মাগুৰ, কান্ধুলী, ফোপা আদি থলুৱা প্ৰজাতিৰ কণীযুক্ত মাছবোৰ সুলভ হৈ পৰিছে৷ গতিকে, মীন আইন অমান্যকাৰী অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহনৰ দাবী জনাই সচেতন মহলে৷

ৰাজ্যৰ বিল, খাল, পুখুৰী পথাৰত উভৈনদী হৈ থকা থলুৱা মাছবোৰ লাহে লাহে নোহোৱা হবলৈ ধৰিছে৷ ৰাজ্য খনৰ সম্পদ স্বৰূপ থলুৱা মাছ সমুহ হয়তো এদিন অসমৰ বুকুৰ পৰা হেৰাই যাব৷ পুৰ্বে বহু প্ৰজাতিৰ মাছ গাঁৱৰ পথাৰত নাইবা পুখুৰী, দোং, আদিত পোৱা গৈছিল৷ বহু প্ৰজাতিৰ মাছ সমূহ বিলুপ্ত হব ধৰাৰ সময়তে ভৰ বাৰিষা নৈ, নিজৰা, পুখুৰী পানীৰে ভৰি থকাৰ সময়তে অগণন থলুৱা মাছ নিধন যজ্ঞ চলোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷