
কাজিৰঙাঃ শুকুৰবাৰৰ পুৱাৰে বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত উৰিল ওলোটাকৈ উৰিল পতাকা৷ সেয়াও অইন পতাকা নহয় ৰাষ্ট্ৰীয় পতাকা উৰিল ওলোটাকৈ৷ আন দিনাৰ দৰেই শুকুৰবাৰে কাৰ্যালয় চৌহদত উৰুওৱা হয় পতাকা৷
কাৰ্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীৰ চূড়ান্ত উদাসীনতাৰ বাবেই ওলোটাকৈ উৰিল ৰাষ্ট্ৰীয় পতাকা। ৰাষ্ট্ৰীয় পতাকাখনৰ সেউজীয়া অংশ বহু সময় ধৰি ওপৰফালে উৰি থাকে যদিও বহু নমোৱাৰ পৰা বিৰত থাকে। আনহাতে, জাতীয় পতাকাৰ চূড়ান্ত অপমানৰ খবৰ পাই সংবাদ মাধ্যমৰ লোক মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতহে পতাকাখন নমাই অনা হয়।
ইপিনে, আজিৰ এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকাখন ওলোটাকৈ উৰোৱাত মহকুমা প্ৰশাসনে দুখ প্ৰকাশ কৰে।