সাংবাদিক, ছাত্ৰ নেতাৰ নেতৃত্বত বান সাহায্য সংগ্ৰহ

শোণিতপুৰঃ বানৰ কবলত পৰি ৰাজ্যৰ কেইবাখনো জিলাৰ কেইবা হাজাৰ লোক আজিও হাহাকাৰ কৰি থাকিব লগা হৈছে৷ বাঢ়নী-পানী শুকুৱাৰ পাছতো হাজাৰ হাজাৰ লোকে অন্ন, বস্ত্ৰৰ, আশ্ৰয়ৰ বাবে ঠাইৰ অবাৱত দুখৰ দিন পাৰ কৰিব লগা হৈছে৷ ৰাজ্য চৰকাৰে বানপীড়িত লোকসকলক পৰ্যাপ্ত সাহায্য দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷

ৰাজ্যৰ দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান, মিডিয়া হাউচ আদিয়ে বানপীড়িত লোকসকলক সাহায্য প্ৰদান কৰি সহায় কৰা পৰিলক্ষিত হৈছে৷ শোণিতপুৰ জিলাৰ পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু কেইবাগৰাকী যুৱ সাংবাদিকে বানাক্ৰান্ত লোকক সহায়ৰ বাবে বান সাহায্য সংগ্ৰহ কৰি আহিছে৷ আৰ্তজনৰ বাবে সমগ্ৰ অসমৰ মানৱ দৰদী লোকসকলে ব্যক্তিগতভাৱে সাহায্য আগবঢ়োৱাই মানৱীয় প্ৰমূল্যবোধ জীয়াই থকাৰ কথাটো প্ৰতিপন্ন কৰে।

শোণিতপুৰ জিলাখনৰ বিদ্যালয়, চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠিন, বাৱসায়ী, আদিৰ পৰা বান সাহায্য সংগ্ৰহ কৰে ছাত্ৰ সন্থাৰ নেতা-কৰ্মী আৰু যুৱ সাংবাদিককেইজনে। আনহাতে ফেচবুকৰ জৰিয়তে ফাৰহান জাৱেদে নামৰ যুৱ সাংবাদিকগৰাকীয়ে বান সাহায্য বিছাৰি আপডেট দিয়াত দীপজ্যোতি বৰা নামৰ নৌ সেনা বাহিনীত কৰ্মৰত যুৱকজনে অৰ্থ সাহায্য আগবঢ়ায় বুলি জানিব পৰা গৈছে৷

যুৱ সাংবাদিক ভাস্কৰ পটংগীয়া, অমল নাথ, ফাৰহান জাৱেদ আৰু শিক্ষক সচেতন যুৱক জ্যোতিৰঞ্জন বড়ো, ছাত্ৰ নেতা ইমদাদুল শইকীয়া, নয়ন বসুমতাৰী, দিগন্ত নাথ আদিয়ে সংগ্ৰহ কৰা বান সাহায্য পুজি শীঘ্ৰে বানপীড়িত অঞ্চলত বিতৰণ কৰিব বুলি জানিবলৈ দিয়ে৷ আনহাতে নিউজ নেক্সট ৱানৰ পৰিয়ালেও বান সাহায্য সংগ্ৰহ কৰা ছাত্ৰ নেতা তথা সাংবাদিকসকলক সহায় সহযোগ আগবঢ়ায়৷