অৰ্ধআইনী স্বেচ্ছাসেৱকে বিতৰণ কৰিলে বান সাহায্য

নগাঁও টাউনঃ ৰাজ্যৰ কেইবা খনো জিলা বানৰ কবলত পৰি হাহাকাৰ কৰি আছে। ৰাজ্য চৰাকৰে বানপীড়িতক পৰ্যাপ্ত সাহায্য দিয়াত বিফল হোৱা বুলি অভিযোগ উত্থাপিত হেয়৷

ৰাজ্যৰ দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠানে বানাক্ৰান্তক সহায় কৰিবলৈ ওলাই আহে৷ তাৰ মাজতে নগাঁও জিলাৰ বিনামূলীয়া আইন সাহায্য কেন্দ্ৰৰ অৰ্ধআইনী স্বেচ্ছাসেৱক সকলে বানাক্ৰান্ত সহায় কৰিবলৈ ওলাই আহে।

অৰ্ধআইনী স্বেচ্ছাসেৱক পথচাৰী, ব্যৱসায় প্ৰতিষ্ঠান, চাকৰিয়াল আদিৰ পৰা বান সাহায্য সংগ্ৰহ কৰি বানপীড়িত অঞ্চলত খাদ্য-সামগ্ৰী বিতৰণ কৰে।

বান সাহায্য সংগ্ৰহত অৰ্ধস্বেচ্ছাসেৱক সকলক সহযোগ কৰে জিলাখনৰ আন এটি স্বেচ্ছাসেৱক সংস্থা কলংভেলী বহুমুখী উন্নয়ন সমিতিয়ে। অৰ্ধআইনী স্বেচ্ছাসেৱক আৰু কলংভেলী বহুমুখী উন্নয়ন সমিতিৰ সদস্যৰ এনে কাৰ্য্যক প্ৰসংশা কৰে ৰাইজে।