বৰ্ন্যাতৰ মাজত ঔষধৰ লগতে বস্ত্ৰ বিতৰণ

জিতুমনি নাথ, মৰিগাঁওঃ মৰিগাঁও জিলাত সৃষ্টি হোৱা ভয়াৱহ বানে জিলাখনৰ বন্যাৰ্তৰ মাজত এক বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰি ৰখাৰ সময়তে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা ব্যক্তিয়ে নিতৌ বিভিন্ন সহায় সহযোগিতাৰে জিলাখনৰ বন্যাৰ্তৰ মাজত ব্ৰতী হৈ পৰা দেখা গৈছে।

জিলাখনৰ বন্যাৰ্তৰ দুখৰ সমভাগী হৈ পৰা এই সকল অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে জিলাখনৰ বন্যাৰ্তৰ মাজত সহায়ৰ হাত আগবঢ়াইছে মৰিগাঁও জিলা প্ৰজাপতি ঈশ্বৰী বিদ্যালয়ে। মৰিগাঁও জিলা প্ৰজাপতি ঈশ্বৰী বিদ্যালয়ৰ সেৱা কেন্দ্রৰ সঞ্চালিকা মনিকা বেহেনৰ বিশেষ তৎপৰতাত আজি মৰিগাঁও জিলা ভূৰবন্ধা উন্নয়ন খণ্ডৰ একেবাৰে ভিতৰুৱা তথা পিচপৰা অঞ্চল বঙালপাৰাত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰাৰ লগতে দুৰ্ভগীয়া পৰিয়াল সমূহৰ মাজত বস্ত্ৰ বিতৰণ কৰা। 

গুৱাহাটী প্ৰজাপতি ঈশ্বৰী বিদ্যালয় আৰু মৰিগাঁও স্বাস্থ্য বিভাগৰ সহযোগত বঙালপাৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত চিকিৎসা সেৱা আগবঢ়াই গুৱাহাটীৰ চিকিৎসক ক্ৰমে ডা০ ডেবেন্দাৰ চাচদেব, ডাঃ প্ৰিতি দেবী কাকতি, ডাঃ ললিত চন্দ্ৰ তামুলী আৰু ডাঃ অভিষেক ঘোষ।

অঞ্চলটোৰ পাঁচ শতাধিক বন্যাৰ্তই চিকিৎসা সেৱা লাভ কৰা বন্যাৰ্তৰ সকলক বিভিন্ন ৰোগৰ ঔষধ বিতৰণ কৰাৰ লগতে ফেনাইল আৰু ব্লিচিং পাউডাৰো বিতৰণ কৰা হয়। তদুপৰি বন্যাৰ্তৰ সকলৰ মাজত বিভিন্ন ধৰণৰ বস্ত্ৰও প্ৰদান কৰা হয়।