
newsnextone.com | ডিজিটেল ডেস্কঃ শাসনাধিষ্ঠিত বিজেপি সোণোৱাল চৰকাৰখনে বিগত বৰ্ষৰ দৰে এই বছৰ অসমবাসীক প্ৰলংয়ংকাৰী বাণে জুৰুলা নকৰে বুলি আশ্বাস দিছিল৷ জলসম্পদ মন্ত্ৰী কেশব মহন্তইও বানে যাতে নৈপৰীয়া ৰাইজৰ ভেটি উচন কৰিব নোৱাৰে, তাৰ বাবে ৰাজ্যৰ সকলোবোৰ চিগা মথাউৰিৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা বলি ফিতাহি মাৰিলেও শেষত সকলো ফুটুকাৰ ফেন হৈ পৰা পৰিলক্ষিত হৈছে৷
ভৰ বাৰিষা আহি চোতাল নগৰকাতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে নৈ পৰীয়া ৰাইজৰ বুকুৰ পৰা চৰকাখনৰ প্ৰতি থকা বিশ্বাসৰ আঁচলখন খহাবলৈ উদ্যত হৈছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত লাখ লাখ টকা খৰছ কৰি চৰকাৰে বান্ধি দিয়া মথাউৰি চিঙি বাৰিষাৰ প্ৰথমটো পানীৰ সোততে বুৰ গৈছে কেইবাখনো গাঁও৷ মাত্ৰ দুটা দিনৰ বৰষুণৰ পিছত নৈৰ বাঢ়নী পানীয়ে ঠায়ে ঠায়ে সন্ত্ৰাস সৃষ্টি কৰাত ৰাইজে দিক হেৰুৱাইছে৷
ভৰ বাৰিষাৰ দুৰ্যোগৰ আংশকাত নৈ পৰীয়া ৰাইজে টঙালিখন কঁকালত টানকৈ বান্ধি ল’ব নৌপাওঁতেই বাৰিষাই কঁকাল বেঁকা কৰিছে কামপুৰবাসীৰ৷ কপিলী নৈৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ কেইবাখনো গাঁও প্লাবিত কৰি শ শ পৰিয়লালক গৃহহীন কৰিছে৷ আনফালে, কামপুৰ-কাৰ্বি আংলং সংযোগী পথটোলৈও বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াই আনিছে৷
ইফালে, চৰকাৰে ৩০ লক্ষাধিক টকাৰে বান্ধি দিয়া নৱ নিৰ্মিত মথাউৰি চিঙি ডবকাত চলিছে বানৰ তাণ্ডৱ৷ জলসম্পদ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আশ্বাসক বুঢ়া আঙুলি দেখুৱাই দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ, মন্ত্ৰীয়ে বন্ধা মথাউৰি চিঙি যোৱাত যমুনামুখৰ শতাধিক পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে৷ প্ৰৱল সোঁতে তিনিটাকৈ ঘৰ উটুৱাই নিয়াৰ লগতে অঞ্চলটোৰ কেইবাখনো শিক্ষানুষ্ঠান বানত বুৰ যোৱাত অঞ্চলবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে৷
আনহাতে, কাৰ্বি পাহাৰৰ পৰা নামি অহা পানীয়ে কাজিৰঙাৰ বিস্তৃৰ্ণ এলেকা প্লাবিত কৰিছে৷ কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ মিহিমুখ এলেকা সম্পূৰ্ণৰূপে পানীত বুৰ যোৱাত বন্য জীৱ-জন্তুৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনি প্ৰতি মূহৰ্ততে পানী বাঢ়ি থকা পৰিলক্ষিত হৈছে৷ বন্য জীৱ-জন্তুৱে নিৰাপদ ঠাই বিচাৰি জনাঞ্চলত প্ৰৱেশ কৰিছে৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বান প্ৰতিৰোধৰ বাবে দিয়া আশ্বাসে নৈ পৰীয়া ৰাইজৰ বিশ্বাস জয় কৰিব নোৱাৰিলে৷ ১০ লাখ টকাৰ ব্যয়েৰে গহপুৰত চৰকাৰে নিৰ্মাণ কৰা মথাউৰিটো বাৰিষাৰ প্ৰথমটো বানতেই চিঙি যোৱাত অঞ্চলটোলৈ ভাবুকি কঢ়িয়াইছে৷ ডুবিয়া নৈৰ বাঢ়নী পানীয়ে ডুবিয়া, দ–গাঁও, যোৰহটীয়া, বড়িগাঁও, আলিকোঁষ আদিকে ধৰি বিভিন্ন অঞ্চল বুৰাই পেলোৱাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি প্লাবিত কৰিছে৷
হোজাইত ডিমৰু আৰু কপিলীৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে৷ কপিলী নৈৰ বাঢ়নী পানীয়ে ৱাৰেগেডিং আৰু কেন্দ্ৰগুৰিৰ দুটা নিৰ্মীয়মান মথাউৰি ছিঙি নিয়াৰ ফলত নিশাৰ ভিতৰতে কেইবাখনো গাওঁ পানীত বুৰ যায়।
ইফালে বৰাক নৈৰ জলপৃষ্ঠও দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। প্ৰতিঘণ্টাত ২ ছেণ্টিমিটাৰকৈ বৃদ্ধি পাইছে নৈখনৰ জলপৃষ্ঠ। বৃহস্পতিবাৰৰ পৰা শিলচৰত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়নী পানীয়ে নৈ পৰীয়া ৰাইজৰ ক্ষতিসাধন কৰাৰ আংশকা বৃদ্ধি পাইছে৷ ইতিমধ্যে বানত জিলাখনৰ বিভিন্ন অঞ্চল প্লাৱিত হৈছে৷
অইনফালে শুকুৰবাৰেও লামডিং–বদৰপুৰৰ মাজত ৰে’ল চলাচল ব্যহত হৈ আছে। প্ৰতিকুল বতৰৰ বাবে ৰে’ল বিভাগে ৰে’লপথ মেৰামতিৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবেই ৰেল যাতায়ত বন্ধ ৰখা হৈছে৷