ফুলৰ মেলাত জীৱন জিনাৰ পথ বিচাৰি পাইছে নগাঁৱৰ আলি আহমেদে

লংকাঃ বৰ্তমান সময়ত ৰাজ্যৰ এটা জ্বলন্ত সমস্যা হৈছে নিৱনুৱা সমস্যা৷ দিনে দিনে বাঢ়ি আহিব ধৰিছে শিক্ষিত নিৱনুৱাৰ সংখ্যা৷ যাৰ ফলত বিভিন্ন উচ্চ ডিগ্ৰীধাৰী হৈও লাখ লাখ যুৱক-যুৱতী হৈ পৰিছে কৰ্মসংস্থাপনহীন৷ ৰাজ্যখনত চাকৰিৰ ক্ষেত্ৰখনো একেবাৰে সীমিত পৰিসৰৰ৷

দেশৰ মানৱ সম্পদ নামৰ শিক্ষিত নিৱনুৱাসকলৰ বাবে এতিয়া স্ব-নিয়োজনেই হৈ পৰিছে জীয়াই থকাৰ সম্বল৷ আত্মসংস্থাপনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কৃষি, শিল্প উদ্যোগ, ব্যৱসায় বাণিজ্য আদিয়ে এতিয়া শিক্ষিত নিৱনুৱা সকলৰ সম্ভাৱনাৰ পথ৷ ৰাজ্যখনৰ বেছিসংখ্যক শিক্ষিত নিৱনুৱাই স্বনিয়োজনৰ বিপৰীতে চাকৰিৰ প্ৰতি বেছি আগ্ৰহী হোৱা দেখা যায়৷

বহুসময়ত এনে চাকৰিমুখী স্বভাৱৰ বাবেই ৰাজ্যখনৰ বাণিজ্যিক ক্ষেত্ৰসমূহ বহিৰাগতই দখল কৰি অহা দেখা যায়৷ কিন্তু যিসময়ত ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে চাকৰি লাভ নকৰি কৰ্মসংস্থাপনৰ বাবে বহিঃ ৰাজ্যলৈ ঢাপলি মেলিছে ঠিক তেনে সময়তে লংকাৰ এজন কৰ্মোৎসাহী যুৱকে ফুলৰ খেতিৰ জৰিয়তে জীৱন জীৱিকাৰ পথ বাছি লৈছে৷

যিয়ে ৰাজ্যখনৰ শিক্ষিত নিৱনুৱাসকলৰ বাবে স্বাৱলম্ৱীতাৰ এক সুন্দৰ নিদৰ্শনস্বৰূপ হৈ পৰিছে৷ ৰাজ্যখনত বৰ্তমানেও ফুলৰ বজাৰখনৰ পৰিসৰ ব্যাপক হোৱা নাই যদিও লংকাৰ তিনিআলিৰ আলি আহমেদ নামৰ যুৱক জনৰ স্বাৱলম্বীতাৰ নিদৰ্শনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷

উল্লেখ্য যে, লংকাৰ তিনিআলিৰ যুৱক আলিয়া আহমেদে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি নাখাই ফুলৰ খেতি জৰিয়তেই কৰ্মসংস্থাপনৰ বাট মুকলি কৰি লৈছে৷ পাঁচ বিঘা মাটি জুৰি থকা আহমেদৰ নাৰ্চাৰীত ডালিয়া, এন্টনিয়াম, এডনিয়াম, গোলাপ, নাৰ্জী আদি প্ৰায়  ৩০০ বিধ প্ৰজাতিৰ ফুল উপলব্ধ৷

ইয়াৰোপৰি বিভিন্ন ধৰণৰ ফলমূল খেতিৰ জৰিয়তেও বাণিজ্যিক দিশত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ জানিব পৰা মতে, লংকাৰ তিনি আলিত অৱস্থিত আলি আহমেদৰ ফুলৰ নাৰ্চাৰীত থকা বিভিন্ন প্ৰজাতিৰ ফুলে বৰ্তমান ৰাজ্যৰ বিভিন্ন ঠাইৰ বজাৰ দখল কৰাৰ লগতে অৰুণাচল, মেঘালয়,মিজোৰাম আদি বহিঃৰাজ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ ফুল খেতিৰ জৰিয়তে কৰ্মোদ্যমী আলি আহমেদে নিজৰ জীৱন জীৱিকাৰ বাট মোকলাই লোৱাৰ লগতে আন দহটা পৰিয়ালকো নিয়োজিত কৰি স্বাৱলম্বীমুখী কৰি তুলিবলৈ সক্ষম হৈছে৷