
ধুবুৰীঃ গৌৰীপুৰ থানাৰ অৰ্ন্তগত আলমগঞ্জ সপ্তমখণ্ডত আজি অঞ্চলটোৰ পৰম্পৰাগত বিশাল লাঠিবাৰী খেল অনুষ্ঠিত হৈ যায়৷ পুৱা দহ বজাৰ পৰা গধুলি চাৰিবজালৈ ৮ টা দলৰ মাজত খেল অনুষ্ঠিত হয়৷ অংশগ্ৰহণ কৰা প্ৰত্যেকটো দলৰ খেলুৱৈক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে উদ্যোক্তা সমিতিয়ে৷
অৱশেষত ধুবুৰী জিলা আমছুৰ উপ সভাপতি দিলৱাৰ হুছাইনে উপস্থিত থাকি সকলো দলৰ দলপতিক শিলকাপৰ উপহাৰ প্ৰদান কৰি সৰ্বধৰ্ম মিলাপ্ৰীতিৰ ভাষণেৰে অনুষ্ঠানৰ সামৰণি মাৰে৷ উক্ত খেল উপভোগ কৰাৰ বাবে বহুলোকৰ সমাগম ঘটা পৰিলক্ষিত হয়৷