
নলবাৰীঃ নলবাৰী সদৰ বিধান সভা সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই শনিবাৰে বড়িগোগ বনভাগ শিক্ষা খণ্ডৰ অন্তৰ্গত চাৰিখন প্ৰাথমিক বিদ্যালয়ৰ নতুন গৃহ আধাৰশিলা স্থাপন কৰে৷
এম এছ ডি আঁচনিৰ অধীনত নিৰ্মাণ হ’বলগীয়া অতিৰিক্ত শ্ৰেণী কোঠা চাৰিটাৰ আধাৰশিলা স্থাপন কৰি শিক্ষা ব্যৱস্থা উন্নত হ’বৰ বাবে উন্নত শ্ৰেণী কোঠাৰ প্ৰয়োজন বুলি কয়৷
আধাৰশিলা স্থাপন কাৰ্যসুচীত নলবাৰী জিলা বিজেপিৰ নেতা তৌফিকুল হক চৌধুৰী, বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি মৃদুল কলিতা, সাধাৰণ সম্পাদক ডিম্বেশ্বৰ বেজবৰুৱা, চন্দন ডেকা, বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক, সহকাৰী শিক্ষক তথা অঞ্চলটোৰ ৰাইজে অংশ গ্ৰহণ কৰে।