
বালিপৰাঃ ৰাজ্যত হাতী-মানুহৰ সংঘাট নিতৌ সংঘটিত হৈ আহিছে৷ হাতী-মানুহৰ সংঘাটৰ ফলত জীৱন-সম্পত্তিৰ ব্যাপক ক্ষতি হৈ আহিছে৷ শোনিতপুৰ জিলাৰ বালিপৰা, ৰঙাপৰা অাৰু চাৰিদুৱাৰ অঞ্চলত ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে হাতী মানুহৰ সংঘাত।
বহু সময়ত বনৰীয়া হাতীয়ে ঘৰদুৱাৰ ভাঙি বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে বন্য হস্তীৰ অাক্ৰমনত কেইবাজনো লোকে প্ৰাণ হেৰুৱাব লগীয়াত পৰিছে৷ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা জাকে জাকে নামি আহে হাতীৰ জাক। তাৰ মাজতে বনৰীয়া হাতীক খাদ্য যোগান ধৰিলে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। নামেৰি বনাঞ্চলৰ গাতে লাগি থকা বালিপৰা বনাঞ্চলত থকা বনৰীয়া হাতীক ভক্ষণ কৰাৰ বাবে যোগান ধৰে কলগছ।