চেংৰাৰ নহয় মাজ বয়সীয়াৰ ফুটবল, বিধায়ক ম'মিনৰ দলে বালিপথাৰ শিক্ষকক কৰিলে পৰাস্ত

বোকাজানঃ চেংৰাৰ নহয় মাজ বয়সীয়াৰ ফুটবল প্ৰতিযোগিতা৷ ৩৫ বছৰ উৰ্দ্ধৰ লোকে অংশ গ্ৰহণ কৰিব পাৰিব৷ শনিবাৰৰ পৰা আৰম্ভ হৈছে মাজ বয়সীয়াৰ ফুটবল প্ৰতিযোগিতা৷ এক কথাত কবলৈ গলে জ্যেষ্ঠ সকলৰ ফুটবল প্ৰতিযোগিতা৷ যিসকলে বছৰ বছৰ ধৰি খেল পথাৰৰ পৰা দূৰত আছে তেওলোকক আকৌ এবাৰ খেৰ পথাৰৰ ভিতৰলৈ আনিবলৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙত অনুষ্ঠিত হৈছে এই ফুটবল প্ৰতিযোগিতা৷

নৱ-প্ৰজন্মক ফুটবল খেলৰ প্ৰতি উৎসাহিত কৰিবৰ বাবে ৩৫ বছৰ উৰ্দ্ধৰ ফুটবল খেলুৱৈসকলক লৈ বোকাজান মহকুমাৰ বালিপথাৰত শনিবাৰৰ পৰা ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ ছানৰাইজ স্পৰ্টচ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন ০৮ নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব৷ বালিপথাৰ অঞ্চলৰ দুগৰাকী নমস্য ব্যক্তি বিক্ৰম জি মমিন আৰু কৰুণাকান্ত ৰয়ৰ সোঁৱৰণত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন শনিবাৰে বিহু নৃত্য, কাৰ্বি নৃত্য, মেছ-কছাৰী নৃত্য, ঝুমই নৃত্য আদি বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰে লাংবৈস্থিত বিলপথাৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত শুভাৰম্ভ কৰা হয়৷

ছানৰাইজ স্পৰ্টচ ক্লাবৰ সভাপতি দীপক মেচে ক্লাবৰ পতাকা উত্তোলনৰে উদ্ধোধনী কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ লগতে স্বৰ্গীয় বিক্ৰম জি মমিন আৰু কৰুণাকান্ত ৰয়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ-বন্তি প্ৰজ্বলন কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনে৷ শিখা প্ৰজ্বলন কৰি খেলৰ উদ্ধোধন কৰে বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিনে৷ আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য জগতছিং ইংতি, দেওপানী পৰিষদীয় সমষ্টিৰ সদস্য মুকুট মহন্ত, সমাজকৰ্মী নৰেন্দ্ৰ নাথ হাজৰিকা, বিধায়ক ম'মিনৰ মাতৃ, কৰুণাকান্ত ৰয়ৰ পৰিয়ালৰ সদস্যকে আদি কৰি বহুকেইগৰাকী গণ্য মান্য ব্যক্তি৷

উদ্ধোধনী খেলৰ মূল আকৰ্ষণ আছিল বিধায়ক ডাঃ নোমল ম'মিন আৰু বালিপথাৰ শিক্ষকৰ দলৰ মাজত অনুষ্ঠিত হোৱা মেচ খন৷ গ'লৰক্ষকৰ ৰূপত অবৰ্তীৰ্ণ হোৱা বিধায়কগৰাকীৰ দলটোত স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন আৰু জগতছিং ইংতি, স্বায়ত্ব পৰিষদৰ পৰিষদীয় সদস্য মুকুত মহন্ত আৰু ৰিছাৰ্ড টকবিও আছিল৷ কেইবাশতাধিক ক্ৰীড়ানুৰাগী দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হোৱা উদ্ধোধনী খেলখন আৰম্ভণিৰ পৰাই তীব্ৰ প্ৰতিদ্বন্দিতা মূলক আছিল৷ দীৰ্ঘ বছৰ ধৰি খেলপথাৰত ননমা আজিৰ খেলুৱৈসকলৰ খেল প্ৰদৰ্শনে উপস্থিত দৰ্শকক যথেষ্ট আমোদ দিয়ে৷

খেলৰ আৰম্ভণিৰ পৰাই বিধায়ক ম'মিনৰ দলে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছিল৷ উদ্ধোধনী খেলত বিধায়ক ম'মিনৰ দলে বালিপথাৰ শিক্ষক দলক ৫-৪ গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ খেলত বালিপথাৰ শিক্ষক দলে বিধায়ক ম'মিনৰ দলৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান হৈ পৰিছিল যদিও বিধায়কৰ দলৰ দলীয় একতাই সেই প্ৰত্যাহবান নেওচি জয়ৰ মুখ দেখিবলৈ সক্ষম হয় ৷ প্ৰতিযোগিতাৰ খেলসমূহ বিলপথাৰ প্ৰাথমিক বিদ্যালয় খেলপথাৰ, দিলাওজান উচ্চ ইংৰাজী বিদ্যালয় খেলপথাৰ আৰু নেপেৰপেট্টীৰ খেলপথাৰত অনুষ্ঠিত হ'ব বুলি ক্লাবৰ সভাপতি দীপক মেচ আৰু সম্পাদক নৱপল্লৱ ৰয়ে জানিবলৈ দিয়ে৷