আজাৰা বয়জ ক্লাৱ চূড়ান্ত বিজয়ী

আজাৰাঃ মিৰ্জাস্থিত গ্ৰাম্য ষ্টেডিয়ামত দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ উদ্যোগত স্বৰ্গীয় ফণীন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া আৰু স্বৰ্গীয় চন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াৰ সোৱৰণী আন্তঃক্লাৱ ফুটবল লীগৰ চুড়ান্ত ফাইনেল খেলত আজাৰা বয়জ ক্লাৱ আৰু সন্মিলীত তিনিআলী সংঘৰ মাজত অনুষ্ঠিত হয়।

উত্তেজনাপূৰ্ণ খেল খনত নিৰ্ধাৰিত সময়ত দুয়ো দলে দুটাকৈ গল দিয়াত খেলখন অমীমাংসীত ভাৱে সমাপ্ত হয়। পিছত  ট্ৰাইবেকাৰৰ জৰিয়তে আজাৰা বয়জ ক্লাৱে সন্মিলিত তিনিআলী সংঘক ৪-২ গলৰ ব্যৱধানত পৰাভূত কৰি বিজয়ী সন্মান লাভ কৰে।