শিমলুগুৰিত ফুটবল প্ৰতিযোগিতা

শিমলুগুৰিঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ভোগবাৰী ফুটবল ক্লাৱৰ সংযোগত স্বৰ্গীয় ৰজনী হাটীমূৰীয়া আৰু বাহশ্বৰী হাটীমূৰীয়াৰ সোঁৱৰণী পুটবল প্ৰতিযোগিতা নিমাইগড় ৰাজহুৱা খেল পথাৰত দেওবাৰে শুভৰাম্ভ কৰা হয়।

পুৱা ১১ বজাত পৰিষদ আৰু উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে ভাৰপ্ৰাপ্ত সভাপতি অজিত কোঁৱৰ আৰু ছফিউল ইছলামে। ফুটবল প্ৰতিযোগিতা শুভ উদ্ধোধন কৰে জাতীয় মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী দিপ্তী বড়া বৰুৱাই। প্ৰতিযোগিতাৰ প্ৰথম খন খেলত ভোগবাৰী ফুটবল ক্লাৱ ৰহদৈ আলি ফুটবল ক্লাৱক ১-০ গ'ল বিজয় সাব্যস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে। সোমবাৰে চৰাইদেউ ফুটবল ক্লাৱ আৰু ৰহদৈ পুখুৰী ফুটবল ক্লাৱৰ মাজত অনুষ্ঠিত হ’ব আন এখন মেচ৷