মুকালমুৱাত ফুটবল প্ৰতিযোগিতা

বৰক্ষেত্ৰীঃ মুকালমুৱা আঞ্চলিক ক্ৰীড়া সংঘৰ দ্বাৰা মুকালমুৱাত চলি থকা চক্ৰধৰ ডেকা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত দুলিয়াজানৰ অইল ইণ্ডিয়া ফুটবল দলক ৩ গলত পৰাস্ত কৰি গুৱাহাটীৰ চানৰাইজ এথলেটিক ক্লাবে ফাইনেলত প্ৰৱেশ কৰে। 

মুকালমুৱাৰ দেশভক্ত মৈদামত চলি থকা প্ৰতিযোগিতাখনৰ আজিৰ উত্তেজনাপূৰ্ণ দ্বিতীয়খন চেমি ফাইনেল খেল৷ গুৱাহাটীৰ চানৰাইজ এথলেটিক ক্লাবৰ ৰাকেশ দাসে খেলৰ ৪৬ মিনিট আৰু ৯০ মিনিটত গল দিয়ে আৰু ইমামূল হামাৰ ৭৬ মিনিটত গল কৰে। 

বিধিনিসিদ্ধ খেল প্ৰদৰ্শন কৰা বাবে দুলিয়াজানৰ অইল ইণ্ডিয়া ফুটবল দলৰ ত্ৰিদীপ হাজাৰিকাক ৮৯ মিনিটত ৰঙা কাৰ্ড দেখুৱাই খেল পৰিচালকে খেল পথাৰৰ পৰা বাহিৰ কৰি দিয়ে। অহা বৃহস্পতিবাৰে প্ৰতিযোগিতাৰ ফাইনেল খেলত গুৱাহাটীৰ চানৰাইজ এথলেটিক ক্লাবে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব।