বৈৰাথী ক্লাবৰ ফুটবল, ফাইনেলত মুকালমুৱা

ৰঙিয়াঃ ৰঙিয়া চহৰৰ সমীপৰ খন্দিকৰত বৈৰাথী ক্লাবৰ উদ্যোগত স্থানীয় নলিনীবালা দেৱী হাইস্কুল খেল পথাৰত অনুষ্ঠিত হৈ থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ শুকুৰবাৰে প্ৰথম খন ছেমিফাইনেল খেল বৰমা উদাংশ্ৰী ক্লাব আৰি মুকালমুৱা জিমনাষ্টক ক্লাবৰ মাজত অনুষ্ঠিত হয়।

উত্তেজনাময় খেল খনত মুকালমুৱা জিমনাষ্টক ক্লাবে বৰমা উদাংশ্ৰী ক্লাবক ৪-১ গলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।মুকালমুৱাৰ হৈ  নেনো আলীয়ে ১০মিনিটত প্ৰথম গল, দ্বিতীয় গলটো খেলৰ ১৪ মিনিটত মিদুল আলীয়ে, তৃতীয়টো গলটো মিদুলে ৬২ মিনিটত আৰু চতুৰ্থ গলটো ৮০ মিনিটত দিয়ে তপন দাসে।

ইয়াৰ  বিপৰীতে বৰমা উদাংশ্ৰীৰ হৈ একমাত্ৰ গ'লটো ৩৪ মিনিটত দিয়ে উৎসৱ মেধিয়ে। বৰমা উদাংশ্ৰী ক্লাবৰ ৬নং জাৰ্চি পৰিহিত বাবুল বড়ো আৰু মুকালমুৱাৰ ১০ নং জাৰ্চি পৰিহিত মিদুল আলীক ৰেফাৰীয়ে নিয়ম, ভংগ কৰাৰ অপৰাধত হালধীয়া কাৰ্ড প্ৰদৰ্শন কৰে। খেল পৰিচালনা কৰে ৰেফাৰী সঞ্জীৱ মিশ্ৰ, দুলু তালুকদাৰ, মফিজ আলী আৰু বুদ্ধ বড়ো, মেছ ৰেফাৰী বাবুল খাখলাৰীয়ে উপস্থিত থাকে।  ৪ নৱেম্বৰত কবিৰালি আদিবাসী ওদালগুৰি আৰু পাঠশালাৰ সাদৰি এছ চিৰ মাজত দ্বিতীয় খন ছেমিফাইনেল অনুষ্ঠিত হ’ব৷