
শুক্লাইঃ বিপিএফৰ ননৈ চেৰফাং ব্লক সমিতিৰ উদ্যোগত স্বৰ্গীয় মহেশ তাচা আৰু সত্যবান দীঘাল সোঁৱৰণী ফুটবলৰ খেলত ফাইনেলত প্ৰৱেশ কৰিছে ৰজাগড় ভিচিডিচিয়ে।
শনিবাৰে তেলিয়া পাৰাত অনুষ্ঠিত ছেমি ফাইনেলত খেলত ৰজাগড় ভিচিডিচিয়ে খৈৰাজংগল ভিচিডিচিক ৩-২ গ'লত পৰাস্ত কৰে। চূড়ান্ত খেল খন ৰজাগড় ভিচিডিচি আৰু ওৰাংগাজুলিৰ মাজত অনুষ্ঠিত হ’ব৷