বৈৰাথী ক্লাবৰ ফুটবলত ছেমিফাইনেলত কবিৰালি-এফচি

তুলসীবাৰীঃ ৰঙিয়াৰ সমীপৰ খন্দিকৰৰ নলিনীবালা দেৱী হাইস্কুলৰ খেল পথাৰত বৈৰাথী ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ সোমবাৰে অনুষ্ঠিত খেলত অংশ লয় ঘৰুৱা দল বৈৰাথী ফুটবল ক্লাবৰ বিপৰীতে কবিৰালি আদিবাসী ওদালগুৰি এফচিয়ে।

উত্তেজনাময় খেল খনত কবিৰালি আদিবাসী দলে বৈৰাথী ফুটবল ক্লাবক ৪-০গলত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। আনহাতে কাইলৈ আন এখন খেলত অংশগ্ৰহণ কৰিব মুকালমুৱা এফ চি আৰু হৰিশিঙা এফ চিয়ে।