
নগাঁওঃ ৰাজ্যৰ বিভিন্ন ঠাইত এতিয়া পৰিভ্ৰমি চৰাইৰ কোলাহল শুনা যায়৷ নৈ-বিল-জলাশয়ত যেন মেলা হে পাতিছে চৰাইয়ে৷ উজনি-নামনিৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটী মহানগৰীৰ দিপৰ বিলত চৰাই অহা পৰিলক্ষিত হৈছে৷ নগাঁও জিলাতো বিল-জলাশয়, নদ-নদী আদিত জাকে জাকে দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ উপস্থিতিয়ে এক মনোৰম পৰিবেশৰ সৃষ্টি কৰিছে৷
ঘাইকৈ জিলাখনৰ পশ্চিম প্ৰান্তৰ সোণাই নৈৰ লগতে দীঘলী, ডিমৌ, কুসুমবড়ি, কুঁজি, ৰৌমাৰী, দেওৰা, ভেৰভেৰী, ৰামপুৰ, জাপৰি আদি বিলৰ পাৰত যেন নানা প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীয়ে পাতিছে শীতৰ মেলা৷ যাৰ পৰিণতিত প্ৰজনন তথা খাদ্যৰ সন্ধানত দূৰ-দূৰণিৰ পৰা অহা আলহী পক্ষীৰ কলৰৱত মুখৰিত হৈ পৰিছে এই নদী, বিল, জলাশয়ৰ লগতে ইয়াৰ পাৰ্শ্ববৰ্তী অঞ্চলৰ আকাশ-বতাহ৷ স্মৰ্তব্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে পশ্চিম নগাঁৱৰ জলাশয়বোৰলৈ প্ৰতি বছৰে অক্টোবৰ মাহৰ শেষ ভাগৰ পৰা দেশ-বিদেশীৰ নানা প্ৰজাতিৰ ৰং-চঙীয়া পক্ষীৰ আগমন ঘটে ৷
বিশেষকৈ শৰালী, ঘিলা হাঁহ, ঢেকৰ, কাম চৰাই, শামুকভঙা, হাড়গিলা, বগলী, কণামুচৰি, পানী কাউৰী, দেও ৰাজহাঁহ, ধৃতৰাজ আদিৰ উপৰি সাত সাগৰ তেৰ নদী পাৰ হৈ সুদূৰ নিউজিলেণ্ড, ছাইবেৰীয়া,থাইলেণ্ড, ইণ্ডোনেছিয়া, জাপান, কেনিয়া আদিৰ পৰাও বহু প্ৰজাতিৰ পক্ষী আহি এই নৈ, বিল, জলাশয় আদিবোৰত বিচৰণ কৰা দেখা যায়৷
ফলত জাক জাক এই পক্ষীকুলৰ এনে মুক্ত বিচৰণে উক্ত অঞ্চলবোৰত এতিয়া ৰাইজক দিছে বিনন্দিয়া নৈসৰ্গিক পৰিবেশ উপভোগ কৰাৰ সুবিধা৷ পৰিতাপৰ বিষয় যে, এনেদৰে পৰিভ্ৰমী পক্ষীৰ আগমনৰ লগে লগে উক্ত অঞ্চলবোৰত অবাধে চলে চোৰাং চিকাৰীৰ চৰাই নিধন প্ৰক্ৰিয়া৷ নানা কৌশলেৰে চোৰাং চিকাৰীয়ে এই পক্ষীবোৰ ধৰি অধিক চৰা দামত বিক্ৰী কৰি মুনাফা ঘটে৷ চোৰাং চিকাৰীৰ এনে দুষ্কাৰ্য ৰোধৰ বাবে কাৰ্যকৰী পদক্ষেপ বন বিভাগ, আৰক্ষী তথা জিলা প্ৰশাসনক গ্ৰহণ কৰাৰ দাবী জনাইছে সচেতন মহলে৷