
গৰৈমাৰিঃ কামৰূপ জিলা প্ৰশাসনে ছয়গাঁও অঞ্চলৰ একাংশ লোকক বিদেশীৰ সন্দেহত জাননী প্ৰেৰণ কৰি বিদেশী সমস্যা সমাধানৰ চেষ্টা অব্যাহত ৰাখিছে৷ কেইবাটাও দশক ধৰি বিদেশী সমস্যা সমাধানৰ দাবীত ৰাজ্য উত্তাল হৈ থকাৰ পিছত ক্ৰমান্বয়ে এই সমস্যা সমাধানৰ দিশে আগবাঢ়িছে৷ তাৰ মাজতে ছয়গাঁও সমষ্টিৰ একাংশ লোকক বিদেশীৰ সন্দেহত জাননী প্ৰেৰণ কৰাত চাঞ্চল্যৰ সৃষ্টি হয়৷
কিছুদিন পূৰ্বে আজমল হক নামৰ এগৰাকী প্ৰাক্তন সেনা বিষয়াক কামৰূপ জিলা প্ৰশাসনে বিদেশীৰ সন্দেহত জাননী প্ৰেৰণ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ তাৰ মাজতে কামৰূপ জিলা প্ৰশাসনে দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ বহু লোকক জাননী প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷ তাৰ মাজতে এগৰাকী ছয় সন্তানৰ মাতৃক বিদেশী সজাই ডিটেনছন কেম্পলৈ প্ৰেৰণ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ছয়গাঁও সমষ্টিৰ কমলাপুৰৰ মেহেৰ আলী নামৰ লোকজনৰ পত্নী উদয় ভানুক বুধবাৰে কামৰূপৰ বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি চিনাক্ত কৰি কোকৰাঝাৰৰ ডিটেনছন কেম্পলৈ প্ৰেৰণ কৰে। প্ৰশাসনে বুধবাৰে উদয় ভানুক ৰঙিয়াত স্বাস্থ্য পৰীক্ষা কৰাৰ পিচত কোকৰাঝাৰৰ ডিটেনছন কেম্পলৈ প্ৰেৰণ কৰে। ছয় সন্তানৰ মাতৃ উদয় ভানুৱে নিজকে ভাৰতীয় নাগৰিক বুলি দাবী কৰাৰ লগতে ৰায়দান পুনৰ বিবেচনা কৰাৰ বাবে আদালতক অনুৰোধ জনাইছিল বুলি জানিব পৰা গৈছে।
মহিলাগৰাকীক বিদেশী বুলি চিনাক্ত কৰি ডিটেনছন কেম্পলৈ প্ৰেৰণ কৰাৰ পিছৰে পৰা সন্তানে কান্দি সময় পাৰ কৰে৷ মহিলাগৰাকীৰ স্বামীয়ে তেওৰ পৰিয়াল প্ৰকৃত ভাৰতীয় নাগৰিক বুলি দাবী কৰে৷ তেওৰ হাতত সকলো প্ৰমাণ পত্ৰ থকা বুলিও কয়৷ মহিলাগৰাকীৰ ভোটৰ তালিকাত নাম থকাৰ লগতে ভোটাৰৰ প্ৰমাণ পত্ৰও আছে বুলি দাবী কৰে স্বামীয়ে।
স্বামী ভাৰতীয় নাগৰিক হলে পত্নী কেনেকৈ বিদেশী হ’ব পাৰে বুলি প্ৰশ্ন কৰে উদয় বানুৰ স্বামীয়ে। বৃহস্পতিবাৰে আমছুৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ইমদাদ হুছেইন, উপ-সভাপতি ৰাহুল আমিন, সাধাৰণ সম্পাদক নুৰুল ইছলাম আৰু ইয়াচিন আলী, সাংগঠনিক সম্পাদক জিলান হক আৰু লোকমান হাকিম মহিলাগৰাকীৰ গৃহত উপস্থিত হৈ ঘটনাৰ বুজ লয়। আমছুৰ প্ৰতিনিধি দলটোৱে এই ঘটনাক তীব্ৰ গৰিহণা দি তদন্ত দাবী কৰে। ছয়গাঁও সমষ্টিৰ পঞ্চাশজনৰো অধিক লোকৰ বিৰুদ্ধে অবৈধ বিদেশীৰ জাননী প্ৰেৰণ কৰিছে কামৰূপ জিলা প্ৰশাসনে।