
ওদালগুৰিঃ চীন দেশকে ধৰি ১৫ খন দেশৰ প্ৰতিনিধিয়ে বুধবাৰে পৰিদৰ্শন কৰিলে ওদালগুৰিৰ ৰেচম শিল্প৷ ১৫খন দেশৰ প্ৰতিনিধিয়ে ৰেচম শিল্প পৰিদৰ্শন কৰি অভিভূত হৈ পৰে৷ বিগত ২২ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত অষ্টম আন্তৰ্জাতিক বন্য পলু সন্মিলনত অংশগ্ৰহন কৰিছিল দেশৰ বিভিন্ন ৰাজ্যৰ লগতে ১৫খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে। বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ দলটোৱে বুধবাৰে দিনৰ ১১.৩০ বজাত ওদালগুৰি জিলাৰ ৰেচম বিভাগৰ কাৰ্যালয় তথা কৃষি পামত উপস্থিত হয়।
দলটো উপস্থিত হোৱাৰ লগে লগে জিলা ৰেচম বিভাগে বিভিন্ন জনগোষ্ঠীয় নৃত্যৰ দ্বাৰা প্ৰতিনিধিৰ দলটোক আদৰণি জনায়। ইয়াৰ পাছত অসমীয়া পৰম্পৰাগত লাৰু পিঠাৰে দলটোক আপ্যায়ন কৰি কৃষি পামখন পৰিদৰ্শন কৰায়। ওদালগুৰি তথা অসমৰ ৰেচম উদ্যোগটোৰ প্ৰতি প্ৰশংসাত পঞ্চমুখ হৈ পৰে এগৰাকী চীনা প্ৰতিনিধিয়ে। তেওঁ কয় যে উৎপাদনৰ গতি এনেদৰে বৃদ্ধি হৈ গৈ থাকিলে এসময়ত চীনক অতিক্ৰম কৰি বিশ্বৰ ভিতৰতে সৰ্বোচ্চ স্থান দখল কৰিব অসমৰ ৰেচম উদ্যোগে।
প্ৰতিগৰাকী প্ৰতিনিধিয়ে ভ্ৰমণত সন্তোষ প্ৰকাশ কৰি ৰেচম বিভাগক প্ৰশংসা কৰে। বিটিচি অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, সচিব ৰবিনচন মোছাহাৰী, বিটিচি ৰেচম বিভাগৰ সঞ্চালক যোগেশ দেউৰী, ওদালগুৰি জিলা ৰেচম বিভাগৰ সহকাৰী সঞ্চালক হৰকান্ত হাজৰিকাই বিদেশী প্ৰতিনিধিৰ দলটোক