উদয়া বানুক বিদেশী বুলি চিনাক্ত

ৰঙিয়াঃ বিদেশী সমস্যাই যোৱা কেইবাটাও দশক ধৰি উত্তাল কৰি ৰাখিছে ৰাজ্য খনক৷ দল-সংগঠনে বিদেশী সমস্যা সমাধানৰ বাবে ৰাজ পথ উত্তাল কৰি ৰখাৰ সময়তে মঙলবাৰে এগৰাকী মহিলাক বিদেশী বুলি চিনাক্ত কৰে বিদেশী ন্যায়াধীকৰণে৷

কামৰূপৰ বিদেশী ন্যায়াধীকৰণে আদালতে কামৰূপৰ ছয়গাঁৱৰ কালাতলীৰ উদয়া বানু নামৰ মহিলাগৰাকীক বিদেশী বুলি চিনাক্ত কৰে৷ বিদেশী ন্যায়াধীকৰণে মঙলবাৰে উদয়া বানুক বাংলাদেশী বুলি চিনাক্ত কৰি ৰায়দান কৰে।

আদালতৰ ৰায়দানৰ পিছতেই আৰক্ষীয়ে মহিলা গৰাকীক ৰঙিয়ালৈ লৈ আহি স্বাস্থ্য পৰীক্ষা কৰে। কোকৰাঝাৰত থকা ডিটেনচন কেম্পলৈ নিয়াৰ প্ৰাকমুহূৰ্তত বুধবাৰে ৰঙিয়া থানাত মহিলাগৰাকী কান্দোনত ভাগি পৰে। নিজকে ভাৰতীয় বুলি দাবী কৰি মহিলাগৰাকীয়ে মেহেৰ আলীৰ পত্নী আৰু ছয় সন্তানৰ মাতৃ বুলি জানিবলৈ দিয়ে। মহিলাগৰাকীৰ কান্দোনত ৰঙিয়া আৰক্ষী থানাত এক অবাৱনীয় পৰিবেশৰ সৃষ্টি হয়৷