কাৰ্বি পাহাৰত বনৰীয়া হাতীৰ আক্ৰমণত আহত-নিহতৰ পৰিয়ালক ২০ লাখ টকাৰ সাহায্য বিতৰণ

খেৰণিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি পাহাৰতো হাতী-মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পায় অহা পৰিলক্ষিত হৈছে। বনাঞ্চল সংকুচিত হৈ অহাৰ ফলতেই খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি এটা হাতীৰ জাকে। 

ফলত বন্য-হস্তী আৰু মানুহৰ সংঘাত বৃদ্ধি পাইছে। পৰিণতিত বন্যহস্তীৰ আক্ৰমণত কেতিয়াবা যদি পৰিয়াল গৃহহাৰা হৈছে আন কেতিয়াবা আকৌ বনৰীয়া হাতী আক্ৰমনত লোক আঁহত অথবা নিহত হৈছে। উল্লেখ্য যে, একেদৰে পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন অঞ্চলতো বিভিন্ন সময়ত বন্য-হস্তীৰ আক্ৰমৰ বলি হ’ব লগা বহু লোক৷

বন্য-হস্তীৰ আক্ৰমনত বলি হোৱা পৰিয়াললৈ ইতিমধ্যে ৰাজ্য চৰকাৰ প্ৰদান কৰিছে ক্ষতিপূৰণ। জানিব পৰা মতে, পশ্চিম কাৰ্বি আংলং জিলাৰ জিলা বন বিষয়া যতীন শৰ্মাৰ তৎপৰতাত এককালীন আৰ্থিক সাহায্য তথা ক্ষতিপূৰণ হিচাপে মুঠ ১৪টা পৰিয়ালৰ ভিতৰত ৯ জন নিহত লোকৰ বিপৰীতে ৫ জন আঁহত লোকৰ পৰিয়ালক ১৯ লাখ ৬০ হাজাৰ টকা প্ৰদান কৰে। 

ইতিমধ্যে বনৰীয়া হাতী আক্ৰমণত নিহত হোৱা লোকসকলৰ ভিতৰত ক্ৰমে জানকী দেৱী, চাৰবোৰ ডেৰা, ইমৰানা বেগমে ৪ লাখ টকা, ৰাম ফাংছ', মানিক চন্দ্ৰ চৌহান, হৰি বাহাদুৰ দৰ্জী, জগদীশ ৰাজভাৰ, বিজন মাৰাক, কল্পনা তিৱাৰী ১ লাখ টকাকৈ আৰু আঁহত কাৰেং ক্ৰপী ৪০ হাজাৰ টকা, বিজয় ৰাজভাৰ, প্ৰদীপ ৰাজভাৰ, শান্তনু মিশ্ৰ, পূজা কুমাৰীৰ বিপৰীতে ৩০ হাজাৰ টকাকৈ পৰিয়ালৰ সদস্যই লাভ কৰে।

উল্লেখ্য যে, ২০১৬ বৰ্ষৰ মে' মাহৰ পৰা হাতী আক্ৰমণত নিহত পৰিয়াললৈ পূৰ্বৰ ১ লাখ টকাৰ পৰা বৰ্তমানত ৪ লাখ টকা লৈ বৃদ্ধি কৰা হৈছে বুলি খেৰণি বন বিষয়া চন্দ্ৰ সিং টিছ'ই জানিবলৈ দিয়ে।