পৰিমল ছাৰ কোকৰাঝাৰ-ধুবৰীলৈ আহক, পাহাৰৰ ভিতৰলৈ গৈ প্ৰকৃত ছবিখন প্ৰত্যক্ষ কৰক

গোলকগঞ্জঃ প্ৰথমে দল আৰু নেতাৰ দেহত নিৰ্বাচনৰ বতাহ লাগে৷ নিৰ্বাচনৰ দিন বাৰ থিক হোৱাৰ পিছত ধৰ্মক লৈ নিকৃষ্ট খেল আৰম্ভ কৰে৷ ৰাইজৰ ওচৰলৈ গৈ ধৰ্ম যুদ্ধ, ধৰ্ম ৰক্ষাৰ কথা কৈ ভোট ভিক্ষা কৰি নানান প্ৰতিশ্ৰুতি দিয়ে ৰাজনৈতিক দল আৰু নেতাই৷ 

নেতাৰ প্ৰতিশ্ৰুতিত ভোল যায় সকলো৷ জনগণে প্ৰতিশ্ৰুতিত ভোল যায় ভোটদান কৰাৰ ফলত বহু লোক বিধায়ক নিৰ্বাচিত হয় আৰু সংখ্যাগৰিষ্ঠতা লাভ কৰা দলটোৱে চৰকাৰ গঠন কৰে৷ চৰকাৰ গঠনৰ পাছত আৰম্ভ হয় মন্ত্ৰিত্ব লাভৰ কুচকাৱাজ৷ 

কেইগৰাকীমান লোকে মন্ত্ৰিত্ব লাভ কৰে আৰু চমক সৃষ্টিৰ বাবে ৰচনা কৰে একো একোখন নাটক৷ সমানে সহায় কৰি যায় সংবাদ মাধ্যমে৷ চাডেন ভিজিট, কাৰ্যালয় পৰিদৰ্শন, ইটো কৰিম সিটো কৰিম বুলি সংবাদ শিৰোনাম দখলৰ চেষ্টা কৰে৷ মুঠৰ ওপৰত চমক সৃষ্টিৰ বাবে পাৰিলে মন্ত্ৰীসকলে দুই তিনিটা কেমেৰা লগত লৈ ঘুৰিব খোজে৷ 

মন্ত্ৰীও জানে যে এতিয়া ছচিয়েল মিডিয়াৰ যুগ যদি ফটো কেইখনমান ছচিয়েল মিডিয়াত আপলোড নহয় বা মানুহে চৰ্চা নকৰে তেন্তে মন্ত্ৰী হোৱাৰ লাভনো কি৷


ৰাজ্যত প্ৰায় আঢ়ৈ বছৰ পূৰ্বে গঠন হোৱা চৰকাৰ খনৰ একাংশ মন্ত্ৰীয়ে নানান কথা কৈ বিভাগ চলাই আহিছে যদিও কথা আৰু কামৰ মাজত আকাশ পাতাল প্ৰাৰ্থক্য দেখা যায়৷ 

বিশেষকৈ যোৱাটো নিৰ্বাচনত কংগ্ৰেছ দলৰ বিৰুদ্ধে বন ধ্বংস ৰোধ কৰিব নোৱাৰাৰ কথা কৈয়ে বিজেপিয়ে কংগ্ৰেছক ধৰাশয়ী কৰে৷ কংগ্ৰেছৰ দিনত গঁড় হত্যা ৰোধ কৰিব নোৱাৰাৰ লগতে পাহাৰৰ গছ অবাধে ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰিছিল বিজেপিয়ে৷ কিন্তু খোদ চৰকাৰৰ গঠন কৰাৰ পিছতে আজিও বন ধ্বংস হৈ আহিছে সেই কথাৰ খবৰ লবলৈ আহৰি নাই বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ৷

এক কথাত কবলৈ গলে ৰাজ্যত দিনে-নিশাই অব্যাহত আছে বন ধ্বংস যজ্ঞ৷ কৰবাত পাহাৰৰ গছ কাটি তহিলং কৰিছে আন কৰবাত নদীৰ বুকুত খনন কৰি তলি উদং কৰিছে দুষ্ট চক্ৰই৷ গঁড় হত্যা, হাতী হত্যা এটা যেন এটা সাধাৰণ ঘটনাহে৷

ৰাজ্যত এটা বিয়াগোম বন বিভাগ থকাৰ পিছতো এফালৰ পৰা বনজ সম্পদ ধ্বংস কৰি গৈছে একাংশ লোকে৷ এতিয়া বন ধ্বংস হলেও ধৰোতা কোনো নাই৷ বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ৰাইজৰ পৰা ভোট ভিক্ষা কৰি শাসনৰ গাদী দখল কৰা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিব পাৰিছেনে৷ 

ৰাজ্যৰ বিভিন্ন ঠাইত হাতী-গঁড় হত্যা হৈ থকাৰ লগতে সেউজীয়া পাহাৰ, নৈৰ বালি-মাটি খনন কৰি আজিও ব্যৱসায় চলাই গৈছে একাংশ লোকে৷ ৰাজ্যৰ অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰ জোটৰ চৰকাৰে অবৈধ বালিৰ ব্যৱসায় তথা তথা বনজ সম্পদ ধ্বংস কৰিবলৈহে ককালত টঙালি বান্ধিছে৷ 

অগপ, বিজেপি বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰে নিৰ্বাচনৰ পূৰ্বে বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল৷ বনজ সম্পদৰ ৰক্ষা শ্ল’গান যেন শ্ল’গান হৈ থাকিল৷ চৰকাৰ খনৰ প্ৰায় ২৫ মাহ পাৰ হ’ল যদিও ৰাজ্য চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই৷ বনজ সম্পদ ৰক্ষা কৰাটো দূৰৰ কথা আজিও পাহাৰৰ গছ কেইডাল ৰক্ষা কৰিব পৰা নাই৷

তাৰ মাজতে পোহৰলৈ আহিছে পাহাৰ ধ্বংস কৰাৰ ভয়াবহ দৃশ্য৷ পূৰ্বৰ বন মন্ত্ৰীগৰাকীৰ জিলাত সংঘটিত হৈছে পাহাৰ ধ্বংসৰ প্ৰতিযোগিতা৷ কোকৰাঝাৰ জিলাৰ ৰূপসী আৰু বাশবাৰী বন সংমণ্ডল কাৰ্যালয়ৰ পৰা প্ৰায় এক কিঃ মিঃ নিলগৰ পাহাৰৰ মূল্যৱান গছ কাটি নিশাৰ ভিতৰতে তহিলং কৰিছে একো খন পাহাৰ৷

কোকৰাঝাৰৰ পৰা বাশবাৰী হৈ ধুবুৰীলৈ যোৱাৰ সময়ত প্ৰত্যক্ষ কৰা পথৰ দাতিৰ সেউজীয়া পাহাৰ সমূহ এতিয়া উদং হ’ব ধৰিছে৷ পথৰ পৰা ৫০ মিটাৰ পাহাৰৰ ভিতৰলৈ সোমাই গলেই পাহাৰত দেখা যায় অগণন গছৰ মূঢ়া৷ ভিতৰত চোৰাং বেপাৰীয়ে বনাঞ্চলৰ পৰা মূল্যৱান প্ৰকাণ্ড শাল, চেগুন আদি গছ কাটি তহিলং কৰি গৈছে৷ গছৰ মূড়া বোৰ প্ৰত্যক্ষ কৰিলে প্ৰকৃতিপ্ৰেমীয়ে চকুলো টুকিব লাগিব৷ 

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বন সংমণ্ডলৰ অন্তৰ্গত ৰূপসী আৰু বাশবাৰী আঞ্চলিক বন কাৰ্যালয়ৰ প্ৰায় এক কিঃ মিঃ নিলগত এতিয়া নিতৌ সংঘটিত হৈ আহিছে এই কাণ্ড৷ বাশবাৰী আৰু ধুবুৰী পথৰ দাতিৰ পৰা ৫০ মিটাৰ নিলগত দিনে নিশাই চোৰাং বেপাৰীয়ে বনাঞ্চলৰ পৰা মূল্যৱান শাল, চেগুন আদি গছ-গছনি কাটি তহলিং কৰাৰ পিছতো বন বিভাগ নীৰৱ দৰ্শক হৈ আছে।

গছৰ কুণ্ডা সমূহ বাশবাৰীৰ-মটেৰঝাৰৰ বন কাৰ্যালয়ৰ সন্মুখেৰে পাৰ হৈ কমলাৰঝাৰ গাঁৱৰ কাঠ ফলা মিলত ফালি চোৰাঙকৈ বিক্ৰী কৰে অহা বুলি সচেতন নাগৰিকে জানিবলৈ দিয়ে। পূৰ্বৰ বন মন্ত্ৰীৰ গৃহ জিলা আৰু চুবুৰীয়া জিলাত কেনেদৰে বন ধ্বংস হৈছে তাক প্ৰত্যক্ষ কৰিবলৈ নতুন বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক চাডেন ভিজিট কৰিবলৈ ৰাইজে দাবী জনাইছে৷ 

বন বিভাগৰ বিষয়াসকলক লগত লৈ পাহাৰ সমূহ পৰিদৰ্শন কৰি বন কাৰ্যালয়ৰ পৰা মাথো ১ কিঃ মিঃ নিলগত কেনেদৰে পাহাৰৰ গছ কাটি তহিলং কৰিছে তাৰ উত্তৰ বিচাৰিবলৈ আৰু গছৰ মূঢ়া সমূহ গণনা কৰিবলৈ দাবী জনাইছে কেইবাগৰাকী নাম প্ৰকাশত অনিচ্ছুক নাগৰিকে৷

একো খন পাহাৰ অৰ্থৰ লোভত এফালৰ পৰা ধ্বংস কৰি গৈছে এটি চক্ৰই৷ দীৰ্ঘ দিনৰ পৰা মূল্যৱান গছ সমূহ দিনে নিশাই কাটি ৰমৰমীয়া ব্যৱসায় চলাই গৈছে৷

পাহাৰৰ পৰা মূল্যৱান গছ কাটি তহিলং কৰি ঘোঁৰা গাড়ীৰে গছৰ কুণ্ডা সৰবৰাহ কৰে চক্ৰটোৱে৷ যোৱা এটা বছৰত প্ৰায় শ-শ চেগুন-শাল গছ কাটি নিছে চোৰং ব্যৱসায়ীয়ে৷ এই অভিযোগ লাভ কৰি newsnextone.comৰ এগৰাকী সাংবাদিক গোপনে প্ৰৱেশ কৰিছিল পাহাৰ খনত৷

পাহাৰৰ কিছু অংশ পৰিদৰ্শন কৰি দেখা পাইছিল অগণন গছৰ মূঢ়া৷ যি সমূহ গছ প্ৰায় এক-ডেৰমাহৰ ভিতৰত কাটি নিয়া বুলি অনুমান কৰে সাংবাদিকগৰাকীয়ে৷ অবৈধ ভাবে বন ধ্বংস লীলাৰ এই প্ৰতিচ্ছবি প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে newsnextone.comৰ সাংবাদিকগৰাকী৷