
আমগুৰি/নামতিঃ আপোনালোকে কিয় এইবিলাক সোধে৷ মই যাব বিচাৰিছিলো৷ মোৰ টাৰ্গেট আছিল তাত যোৱা৷ টাৰ্গেট আছিল শিৱসাগৰ আহি জাঁজি নৈ খন চাওঁ৷ কিন্তু যদি মই বাধা পাও কি কৰিম মই৷ যেন অসহায় এগৰাকী প্ৰভাৱশালী মন্ত্ৰী৷
এই মন্তব্য আছিল বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ৷ মন্ত্ৰীগৰাকীয়ে পাকে প্ৰকাৰে প্ৰকাশ কৰিলে ৰাজ্যৰ কোনো শক্তিয়ে তেওঁক কাম কৰাত বাধা দিয়ে৷ যাৰ বাবে তেওঁ ইচ্ছা থকা সত্বেও কাম কৰিব নোৱেৰে৷ সোমবাৰে শিৱসাগৰ জিলাৰ সাংবাদিকে মন্ত্ৰী ব্ৰহ্মক শিৱসাগৰ জিলাৰ মাজে ৰে বৈ যোৱা জাঁজি নৈৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে৷
লগে লগে মন্ত্ৰীগৰাকীয়ে আপোনালোকে কিয় এইবিলাক সোধে বুলি উত্তৰ দিয়ে৷ ইমানে মন্ত্ৰী ব্ৰহ্মই খোদ প্ৰকাশ কৰি কয় মইটো যাব বিচাৰিছিলো, বাধা পালে কি কৰিম মই৷
শিৱসাগৰ জিলাৰ মাজেৰে পাৰ হৈ যোৱা জাঁজী নৈত অবাধ খনন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বাধাৰ বাবেহে নৈখন পৰিদৰ্শন কৰাৰ পৰা বিৰত থকা বুলি স্বীকাৰ কৰে মন্ত্ৰীগৰাকীয়ে।
সোমবাৰে হঠাতে শিৱসাগৰ জিলাৰ আমগুৰিত উপস্থিত হয় বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম। তিনিচুকীয়া ভ্ৰমণলৈ অহা মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে জিলা খনৰ নামতি চোমদাৰস্থিত নাৰ্চাৰী এখন।
চৰকাৰী ভ্ৰমণসূচীৰে তিনিচুকীয়াৰ পৰা ঘূৰি অহাৰ পথত আমগুৰিৰ নামতি চোমদাৰ নাৰ্চাৰী পৰিদৰ্শন কৰি সামাজিক বনানীকৰণ কৰ্তৃপক্ষক ভূয়সী প্ৰসংশা কৰে
বন মন্ত্ৰী প্ৰমিলা ৰাণীয়ে। শিৱসাগৰৰ সামাজিক বনানিকৰণ বিভাগৰ দ্বাৰা পৰিচালিত চোমদাৰ নাৰ্চাৰীখনত বিভিন্ন প্ৰজাতিৰ গছ পুলি সংৰক্ষণ কৰাত ভূয়সী প্ৰসংশা কৰে মন্ত্ৰীগৰাকীয়ে৷
নাৰ্চাৰী খনতে সাংবাদিকেৰে হোৱা সাক্ষাতত মন্ত্ৰীগৰাকীয়ে যোৰহাট আৰু শিৱসাগৰ জিলাৰ মাজেৰে বৈ যোৱা জাঁজী নৈত অবাধ খননৰ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত কোনো লোকৰ বাধাৰ বাবেহে নদীখন পৰিদৰ্শন কৰাৰ পৰা আজি বিৰত থকা বুলি স্বীকাৰ কৰে মন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে, যোৰহাট জিলাৰ টীয়কৰ তামূলীছিগা, ধেমাজী গাঁও, তেতেলী গুৰি আদি আঞ্চলত এচাম অসাধু ব্যৱসায়ীয়ে যোৰহাট জিলাৰ বন বিভাগৰ সৈতে মিলি নৈ খন ধংসৰ গৰাহলৈ থেলি দিছে বুলি অভিযোগ উত্থাপন হৈ আহিছে। মন্ত্ৰীগৰাকীয়ে এই খনন সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে।