অৱশেষত সাহস দেখুৱালে বন বিভাগ, কঠীয়াতলিত বালি-শিল ভৰ্তি ট্ৰাক জব্দ

কামপুৰঃ নগাও জিলাত বন বিভাগে চোৰাং চিকাৰী-কাঠ-শিল, বালি ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ বৃহস্পতিবাৰে কন্দলী পাহাৰত অভিযান চলাই চোৰাং চিকাৰীৰ বন্দুক উদ্ধাৰৰ পিছতে শুকুৰবাৰে বন বিভাগে চোৰাং শিল-বালি ভৰ্তি বাহন জব্দ কৰিবলৈ কৰিবলৈ সক্ষম হয়৷ নগাঁও জিলাৰ বিভিন্ন চোৰাং কাঠৰ ব্যৱসায় অব্যাহত থকা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে বন মাফিয়াৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে বন বিভাগে৷

শুকুৰবাৰে বন বিভাগে অভিযান চলাই অবৈধ ভাবে সৰহবৰাহ কৰা বালি শিলৰ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷ একাংশ অসাধু ব্যৱসায়ীয়ে কামপুৰৰ বিভিন্ন এলেকাৰ পৰা অবৈধ ভাবে জিলা খনৰ বিভিন্ন প্ৰান্তলৈ বালি সৰবৰাহ কৰা শিল-বালি কঢ়িওৱা বাহন জব্দ কৰে৷ কঠিয়াতলীৰ বিভিন্ন পাহাৰীয়া এলেকাৰ পৰা দৈনিক চালান বিহীন ভাবে সৰবৰাহ কৰি অহাৰ অভিযোগৰ ভিত্তিত কঠীয়াতলীত বন বিভাগে অভিযান চলাই অবৈধ বালি ভৰ্তি আৰু এখন নম্বৰ প্লেট বিহীন শিল ভৰ্তি টাটা মবাইল জব্দ কৰে।

কঠীয়াতলী আঞ্চলিক বন বিষয়াৰ নেতৃত্বত যোৱা বন কৰ্মীয়ে কামপুৰ পথৰ পৰা জব্দ কৰে গাড়ী দুখন। কামপুৰৰ পৰা নগাঁও অভিমুখে আহি থকা অৱস্থাত জব্দ কৰে AS-01-A-1189 নম্বৰৰ অবৈধ বালি ভৰ্তি ট্ৰাক খন। আনহাতে কন্দলী পাহাৰৰ কাফিতলী কোৱাৰীৰ পৰা অবৈধ ভাৱে কঢ়িয়াই আনা শিল ভৰ্তি টাটা মবাইল এখনো জব্দ কৰে বন বিভাগে।