সৰুপথাৰ ১৫ কুইন্টল অবৈধ লালী গুড় জব্দ

ধনশিৰিঃ ধনশিৰি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে অবৈধ লালি গুড়৷ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিৰণ্য দহোতীয়াৰ নেতৃত্বত আৰক্ষীৰ দল এটাই সৰুপথাৰৰে ল'তাজৰি গাঁৱৰ এজন ব্যক্তিৰ গুডামৰ পৰা ১৫ কুইন্টল অবৈধ লালি গুড় জব্দ কৰে।

অসাধু ব্যৱসায়ী জনে এই লালী গুড় খিনি অবৈধ ভাৱে মজুত কৰি অবৈধ চুলাই মদ প্ৰস্তুতৰ বাবে যোগান ধৰি আহিছিল। অবৈধ ব্যৱসায়ীজন পলায়ন কৰে যদিও আৰক্ষীয়ে অবৈধ লালী গুড় সমুহ জব্দ কৰে।