শিল্পী দিৱস পালনৰ সিন্ধান্ত, বোকাজান প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস পালন

বোকাজানঃ কাৰ্বি ভূমিৰ অন্যতম সাংবাদিক সন্থা বোকাজান প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে শনিবাৰে পালন কৰা হয়৷ বিলাতী মাটি কাৰখানাৰ অতিথিশালাৰ সমীপত বোকাজান প্ৰেছ ক্লাৱৰ নৱ-নিযুক্ত সভাপতি প্ৰকাশ গগৈয়ে পতাকা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ লগতে ৰাজ্যৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়া আৰু কাৰ্বি আংলং জিলাৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক মানিক দেউৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা, বোকাজান শাখা সাহিত্য সভাৰ সভাপতি তিলেশ্বৰ হাজৰিকাই৷

প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বৃক্ষ ৰোপণ কৰা হয়৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধ্যুৰ্য ঢেকিয়াল ফুকনে বৃক্ষ ৰোপণ কাৰ্যসচীৰ শুভাৰম্ভ কৰে৷ বোকাজান প্ৰেছ ক্লাৱৰ সভাপতি প্ৰকাশ গগৈৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত সাংবাদিক ৰঞ্জিত বৰাই সভাৰ উদ্দেশ্য বাখ্যা কৰাৰ লগতে বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সত্যপ্ৰদীপ বৰদলৈ, জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধ্যুৰ্য ঢেকিয়াল ফুকন, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠিনক সম্পাদক বেদান্ত শইকীয়া উপস্থিত থাকে৷

আনহাতে জাতীয় সংগঠনৰ নেতা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকন, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ৰণদীপ বৰুৱা, বোকাজান শাখা সাহিত্য সভাৰ সভাপতি তিলেশ্বৰ হাজৰিকা, বোকাজান মহকুমা সাংবাদিক সন্থাৰ সভাপতি প্ৰশান্ত কুমাৰ মিশ্ৰা, ইষ্টাৰ্ণ কাৰ্বি আংলং মহাবিদ্যালয়ৰ প্ৰৱক্তা নয়নমণি মেধিয়ে অংশগ্ৰহণ কৰে৷

বোকাজানৰ মহিলা সমিতিৰ লগতে বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে৷ সভাত বোকাজানৰ স্বৰগম সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ শিল্পী আন্দ্ৰিয় প্ৰাস মহন্তই ৰাভা সংগীত, শুভাসনা শৰ্মা আৰু সঞ্চিতা ডেকাই দশৱতাৰ নৃত্য প্ৰদৰ্শন কৰাৰ লগতে ৰিশাগ্নী চেতিয়াই জ্যোতি সংগীত পৰিবেশন কৰি সভাত উপস্থিত বিশিষ্ট লোকৰ লগতে ৰাইজক আপ্লুত কৰে৷ প্ৰতিষ্ঠা দিৱসৰ ৰাজহুৱা সভাতেই বোকাজান প্ৰেছ ক্লাৱৰ উদ্যোগত প্ৰতি বছৰে "শিল্পী দিৱস" উদযাপন কৰা হ’ব বুলি বোকাজান প্ৰেছ ক্লাৱৰ সভাপতি প্ৰকাশ গগৈয়ে ঘোষণা কৰাৰ উপৰিও সাংবাদিক ৰঞ্জিত বৰাই অনুষ্ঠানৰ আঁতধৰে৷