কলং কলা কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতি

Indian - Culture x Tourism
Indian - Culture x Tourism

চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ কলং কলা কেন্দ্ৰই ১ জানুৱাৰীত সপ্তদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰাৰ প্ৰস্ততি চলাই থকা পৰিলক্ষিত হৈছে৷

কাৰ্যসূচী অনুসৰি পুৱা ন' বজাত পতাকা উত্তোলন, পুৱা এঘাৰ বজাত অনুষ্ঠিত হ'ব মুকলি সভা, গ্ৰন্থ উন্মোচন আৰু অন্তৰংগ আলাপ অনুষ্ঠান৷

মুকলি সভাত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট শিক্ষাবিদ, লোক-সংস্কৃতিৰ গৱেষক, গায়ক আৰু সুৰকাৰ ড০ বীৰেন্দ্ৰ নাথ দত্ত, বিশিষ্ট গৱেষক, কলা-সমালোচক তথা শিক্ষাবিদ ড০ নৰেন কলিতা আৰু পুৰণিগুদাম ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক তথা সমাজসেৱক গিৰীন্দ্ৰ কুমাৰ বৰুৱা উপস্থিত থাকিব বুলি কলং কলা কেন্দ্ৰৰ সম্পাদক চিত্তৰঞ্জন বৰাই জানিবলৈ দিয়ে৷