চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষাই কলে, ব্যক্তিগত বিদ্যালয় বহু উন্নত

জাজৰিঃ জাজৰিস্থিত জাতীয় বিদ্যালয় কৰ্তৃপক্ষই বৃহস্পতিবাৰে প্ৰতিস্থা দিৱস পালন কৰে৷ কাৰ্যসূচিত পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পন, ক্ষুদ্ৰ পুথিভৰাল, প্ৰচীৰ পত্রিকা, হস্তকলাৰ দ্বাৰ উন্মোচন কৰা হয়৷ অৱসৰপ্ৰাপ্ত অধ্যাপক ফইজুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হয় বিদ্যালয়খনৰ দ্বাদশ বাৰ্ষিক প্ৰতিস্থা দিৱসৰ মুকলি সভা৷

সভাত কুজিদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ক অধ্যক্ষা দিপা বৰুৱাই অতিথি হিচাপে উপস্থিত থাকি নিজৰ কৰ্মৰত আৰু চৰকাৰি বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাক অনুন্নত বুলি উল্লেখ কৰে৷

ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ গুণ-গান কৰাটোৱে চৰকাৰি বিদ্যালয়ৰ শিক্ষাগুৰু সকলৰ গুনগত শৈক্ষিক মৰ্যাদা হানি কৰা যেন অনুভৱ কৰে সচেতন মহলে। চৰকাৰি বিদ্যালয় সমূহতকৈ বহুগুনে উন্নত ব্যক্তিগত খণ্ডৰ জাতীয় বিদ্যালয়সমূহ এই গুৰুত্বপূৰ্ন মন্তব্য চৰকাৰি খণ্ডৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ। বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰবোধ মহন্ত, সমাজকৰ্মী জয়ন্ত শৰ্মা, শ্বেখ মহম্মদ আলি, ৰাজু আহমেদ উপস্থিত থাকে৷