
newsnextone.com | কাজিৰঙাঃ ৰাজ্যৰ আগশাৰীৰ সাহিত্যৰ অনুষ্ঠান সদৌ অসম কবি সন্মিলনৰ অন্যতম সমিতি বোকাখাত মহকুমা কবি সন্মিলনৰ প্ৰথম বৰ্ষপূৰ্তি শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়৷ বোকাখাত পুৱতি সাহিত্য সভা ভৱনত পুৱা সন্মিলনৰ সভাপতি অমৰ শৰ্মাই পতাকা উত্তোলন কৰাৰ পিছতে বন্তি প্ৰজ্বলন কৰে সন্মিলনৰ উপদেষ্টা মিনতি দলেই। দুপৰীয়া বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি, লেখক-গল্পকাৰ অপূৰ্ব বৰদলৈৰ সভাপতিত্বত মুকলি সভা আৰু কবি সন্মিলন অনুষ্ঠিত হয়।
বোকাখাত মহকুমা কবি সন্মিলনৰ সম্পাদিকা তথা কবি পলিমা চেতিয়া বসুমতাৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰি কয় যে বিভিন্ন কাৰকৰ বাবে সাম্প্ৰতিক সময়ত সমাজ অস্থিৰ হৈ পৰিছে। আন লোকৰ সমান্তৰালকৈ সামাজিক অৱক্ষয় ৰোধ কৰিবলৈ কবিসকলৰ ভূমিকা অপৰিসীম বুলি কয় চেতিয়াই। মুকলি সভাত অংশ লৈ কবি অমৰ শৰ্মাই কবি-অকবি অথবা কবিতা-অকবিতাৰ বিতৰ্কই শেহতীয়া ভাৱে সমগ্ৰ ৰাজ্যখনৰে বিভিন্নগৰাকী লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বুলি কয়। ভোগবাদী চিন্তাধাৰাই সম্প্ৰতি সমস্ত সমাজ ব্যৱস্থাতে এক বিৰূপ প্ৰভাৱ পেলাইছে। ভাইৰাছৰ ৰূপ লোৱা এনে চিন্তাৰ পৰা মুক্ত হ’বৰ বাবে প্ৰতিগৰাকী লোক বিশেষকৈ উঠি অহা প্ৰজন্মই অধ্যয়ন কৰাটো অত্যন্ত প্ৰয়োজন বুলি কয় শৰ্মাই।
কিন্তু, সেয়া যিয়েই নহওক, আজিৰ প্ৰজন্মৰ সৰহ সংখ্যকেই আনৰ লেখা, কবিতা পঢ়িবলৈ নিবিচাৰে। কেৱল নিজক জাহিৰ কৰিবলৈ প্ৰতিটো মুহূৰ্ততে চিন্তা কৰি থকা সকলে যদি অধ্যয়ন নকৰে সেয়া কেতিয়াও ভাল খবৰ হ'ব নোৱাৰে। সমাজৰ সুস্থ বাতাবৰণৰ বাবে প্ৰতিগৰাকী লোককে অধ্যয়ন কৰিবৰ বাবে শৰ্মাণ আহ্বান জনায়৷
সুস্থ সমাজৰ স্বাৰ্থত কবিসকলে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ প্ৰয়োজন আছে। অনুষ্ঠানতে ৰাজ্যিক ভিত্তিত পৰিৱেশ সাংবাদিকতা বঁটা লাভ কৰা যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাক বোকাখাত মহকুমা কবি সন্মিলনে শুভেচ্ছা যাচে। সম্ভাষণ গ্ৰহণ কৰি যুৱ সাংবাদিক সাহাই কয় যে বিশ্বায়নৰ ধামখুমীয়াত মানুহৰ মাজত থকা মানবীয় প্ৰমূল্যবোধ নাইকিয়া হৈ পৰিছে। যাৰ বাবেই সমাজত অস্থিৰতা বৃদ্ধি পাইছে। আনহাতে, সমাজ এখন সুস্থিৰ তথা সৰ্বাংগ সুন্দৰ কৰাৰ বিপৰীতে কেৱল লুণ্ঠনৰ স্বাৰ্থতে ৰাষ্ট্ৰই মানুহৰ মাজত অস্থিৰতা বৰ্তাই ৰখাৰ কৌশলী স্থিতি অব্যাহত ৰাখিছে বুলি কয় সাহাই।
জাতি-মাটি-ভেটি সুৰক্ষিত কৰাৰ আশ্বাস প্ৰদানেৰে গাদী দখল কৰা সকলে আত্মঘাতী সিদ্ধান্ত হিচাপে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক আইনলৈ পৰিণত কূট কৌশল ৰচিছে। আনকি, ডিজিটেল ইণ্ডিয়াৰ সপোন দেখুৱাই অহা ৰাষ্ট্ৰৰ ষড়যন্ত্ৰতে প্ৰকৃতি ধ্বংসৰ অঘোষিত প্ৰতিযোগিতাও অব্যাহত আছে। এনে প্ৰেক্ষাপটত সকলো পক্ষ একত্ৰিত হ'বৰ বাবেও যুৱ সাংবাদিক গৰাকীয়ে আহ্বান জনায়।
সঞ্চালক অপূৰ্ব বৰদলৈয়ে স্বৰচিত কবিতা পাঠ কৰি আৰম্ভ অনুষ্ঠানত চন্দ্ৰপ্ৰভা শইকীয়া ডেকা, প্ৰীতিমা ৰাজখোৱা, মিনতি দলে, প্ৰিয়াংশু প্ৰাঞ্জল, ধ্ৰুৱজ্যোতি সাহা, ৰিজুমণি বৰা হাজৰিকা, অমৰ শৰ্মা, নিজৰা দত্ত, পলিমা চেতিয়া বসুমতাৰী, অজন্তা তালুকদাৰ, গীতাঞ্জলি কলিতা, ৰূপজ্যোতি শইকীয়া গগৈ, সুবৰ্ণ শইকীয়া বৰদলৈ আদি কবিয়ে স্বৰচিত কবিতা পাঠ কৰাৰ লগতে বক্তব্য আগবঢ়ায়।