
নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত জামুগুৰিত বিগত বৰ্ষত স্থাপন হৈছিল একন বিদ্যালয়৷ কেইজনমান শিক্ষানুৰাগীৰ ঐকান্তিক প্ৰচেষ্টাত গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান গুড গাইডেন্স একাডেমীৰ প্ৰথম প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে বেছ উলহ-মালহেৰে দিনযোৰা কাৰ্যক্ৰমণিকাৰে পালন কৰা হয়৷ এই মৰ্মে শিক্ষানুষ্ঠানৰ চৌহদত অভ্যাগত, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাবক তথা শুভাকাংক্ষীসকলৰ উপস্থিতিৰে একপ্ৰকাৰে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়৷
কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিৰ সভাপতি নীলমণি কাকতিৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু একাডেমীৰ অধ্যক্ষ পংকজ সুতে পতাকা উত্তোলন কৰাৰ পিছতেই এটি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷ শোভাযাত্ৰা শুভ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী বীৰেণ মহন্তই৷ পুৱা ১১ বজাৰ পৰা প্ৰবীন শিল্পী গম্ভীৰ নাথৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়৷
একাডেমীৰ অধ্যক্ষ পংকজ সুতে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত 'বৰ্তমান সময়ত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰয়োজনীয়তা আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়ত মাতৃভাষাৰ প্ৰয়োজনীয়তা' শীৰ্ষক বিষয়ৰ ওপৰত কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অশোক বৰঠাকুৰ, সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ দাস, শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য, সমাজকৰ্মী মুনীন্দ্ৰ মহন্তকে প্ৰমুখ্য কৰি কেইবাজনো ব্যক্তিয়ে গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে৷ বিয়লি ২ বজাত বিশিষ্ট সমাজকৰ্মী ব্ৰজেন নাথে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ পিছতেই বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ দ্বাৰা দিনজোৰা কাৰ্যসূচীৰ অন্ত পৰে৷