হাগ্ৰামাই কৰিলে ভূমি পূজন, কোকৰাঝাৰৰ বেছৰগাঁৱত কেন্সাৰ কেয়াৰৰ আধাৰশিলা স্থাপন

newsnextone.com | কোকৰাঝাৰঃ অসম চৰকাৰে টাটা ট্ৰাষ্টৰ সহযোগত একে দিনেই ১৯ খন চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰি ইতিহাস সৃষ্টি কৰিলে৷ বিস্তৃত কেন্সাৰ শুশ্ৰূষা কাৰ্যক্ৰমৰ অধিনত ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত ৰাজ্যত স্থাপন হবলগীয়া ১৯টা নতুন কেন্সাৰ কেয়াৰ চেণ্টাৰৰ ভিতৰত কোকৰাঝাৰতো স্থাপন হ’ব কেন্সাৰ কেয়াৰ চেণ্টাৰ৷

কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া কেন্সাৰ কেয়াৰ চেণ্টাৰৰ সোমবাৰে মাংগলিক অনুষ্ঠানেৰে ভূমি পূজন সম্পন্ন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ বেচৰগাঁৱত অনুষ্ঠিত হোৱা ভূমি পূজন অনুষ্ঠানত মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী, বিপিএফৰ কেবাগৰাকী বিধায়ক, বিটিচিৰ কাৰ্যবাহী সদস্যসকল, জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক উপস্থিত থকাৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাাকে।

প্ৰতিকুল বতৰকো নেওচি মাংগলিক অনুষ্ঠানেৰে ভূমি পূজন সম্পন্ন হোৱাৰ পিছত ভূমি পূজনথলীতে এক সভা অনুষ্ঠিত হয়। কেনচাৰ কেয়াৰ চেণ্টাৰৰ ভূমি পূজন উপলক্ষে অনুষ্ঠিত হোৱা সভাত আদৰণি বক্তব্য প্ৰদান কৰে জিলা উপায়ুক্ত নিৰঞ্জন বৰুৱাই। ইয়াৰ পিছতেই মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ১৯টা নতুন কেন্সাৰ চেণ্টাৰে ৰাজ্যৰ স্বাস্থ্যখণ্ডত ব্যাপক পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব বুলি মন্তব্যৰে ৰাজ্য চৰকাৰৰ জনদৰদী কাৰ্যক ৰাইজে আদৰা বুলি উল্লেখ কৰে।

আনহাতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰত কেন্সাৰ কেয়াৰ চেণ্টাৰ স্থাপনে ৰোগীসকলক প্ৰভূত সহায় কৰিব বুলি মন্তব্য কৰি ৰাজ্যৰ ১৯টা স্থানত কেন্সাৰ কেয়াৰ চেণ্টাৰ স্থাপন কৰা কাৰ্যই সুদুৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি মন্তব্য কৰি ৰাজ্য চৰকাৰৰ জনদৰদী কাৰ্যৰ ভূয়সী প্ৰশংসা কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰি হাগ্ৰামা মহিলাৰীয়ে কম সময়ৰ ভিতৰতে ৰাজ্য চৰকাৰে কেবাটাও ভাল প্ৰকল্প হাতত লোৱা বুলিও মন্তব্য প্ৰকাশ কৰিছে।